ৰাজ্যত  পুনৰ সংঘটিত জঘন্য ধৰ্ষণ ঘটনা

  • দুই পাষণ্ডৰ  কামনাৰ বলি এগৰাকী কণমানি
  • গোলাঘাটৰ শালমৰা বাগিছাত সংঘটিত হৈছে এই জঘন্য ঘটনা
  • পাষণ্ড চাৱন আৰু নোনোৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল

গোলাঘাটৰ শালমৰা বাগিছাত জঘন্য ঘটনা ৷ খৰি বিচাৰিবলৈ যোৱা এগৰাকী কণমানিক ধৰ্ষণৰ অভিযোগ দুই পাষণ্ডৰ বিৰুদ্ধে ৷ বাগিচাখনৰে চাৱন আৰু নোনো নামৰ দুজনৰ বিৰুদ্ধে গোলাঘাট আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগী পৰিয়ালটোৰ ৷

এজাহাৰৰ পিছতেই আৰক্ষীয়ে চাৱন নামৰ যুৱকজনক সোধপোচৰ বাবে আটক কৰে ৷ আনহাতে সমগ্ৰ ঘটনাটো লুকুৱাই ৰাখিবলৈ ভুক্তভোগী যুৱতীগৰাকীক ডিঙিত দা লগাই ভাবুকি প্ৰদান কৰিছিল দুই পাষণ্ডই ৷ যাৰ বাবে ভুক্তভোগী যুৱতীগৰাকীয়ে দুদিনৰ পিছতহে ঘৰত কৈছিল সমগ্ৰ ঘটনাৰ কথা ৷

বৰ্তমান চাৱনক  আটক কৰিছে যদিও আন এগৰাকী অভিযুক্ত নুনু এতিয়াও মুকলি আকাশৰ তলত ৷ ইফালে আটকাধীন চাৱনে এই সমগ্ৰ ঘটনাৰ মিছা বুলি সাংবাদিকৰ আগত জানিবলৈ দিয়ে। আৰক্ষীৰ  উচিত তদন্ততহে পোহৰলৈ আহিব প্ৰকৃত সত্য ৷

assamenewsnegolaghatrape case
Comments (0)
Add Comment