মধ্যপ্ৰাচ্যৰ ওচৰত ভাৰত নতশিৰ কিয়?

বিজেপিৰ প্ৰাক্তন মুখপাত্ৰ নুপুৰ শৰ্মাই হজৰত মহম্মদ সম্পৰ্কত বিতৰ্কিত মন্তব্য কৰাৰ বাবেই বিজেপি দলৰ পৰা নিলম্বন কৰা হৈছিল নুপুৰ শৰ্মাক। ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মহম্মদৰ সম্পৰ্কত বিতৰ্কিত মন্তব্য কৰিছিল বিজেপিৰ প্ৰাক্তন মুখপাত্ৰ নুপুৰ শৰ্মাই।নুপুৰ শৰ্মাসহ ৯ জনৰ বিৰুদ্ধে দিল্লী আৰক্ষীৰ এজাহাৰ দাখিল।

নবীন জিন্দাল, স্বামী য়াতি নৰসিংহম, চাবা নাকবি, পূজা চাকুন পাণ্ডে, মৌলানা মুফটি নদিন, শাবাদ চৌহান, আছাদুদ্দিন ওৱেছিৰ বিৰুদ্ধে এজাহাৰ দাখিল।নিলম্বিত বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ নুপুৰ শৰ্মাৰ বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে মুম্বাই আৰক্ষীৰ গোচৰ।২২ জুনত মহাৰাষ্ট্ৰৰ থানে আৰক্ষীৰ ওচৰত হাজিৰ হ’ব লাগিব নুপুৰ শৰ্মা।

একাংশ মুছলমান সংগঠনে ভাবুকি প্ৰদান কৰিছে নুপুৰ শৰ্মালৈ।আনহাতে আত্মঘাতী বোমাৰে দিল্লী, মুম্বাই, গুজৰাট আৰু উত্তৰ প্ৰদেশত আক্ৰমণৰ ভাবুকি প্ৰদান কৰিলে অল কায়দাই।ইৰান, কুৱেইট, মালদ্বীপ, পাকিস্তান আদি ইছলামিক দেশসমূহে ভাৰত চৰকাৰক তীব্ৰ হেচাঁ প্ৰদান কৰা বুলিও জানিব পৰা গৈছে।পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ ভাৰতীয় সামগ্ৰী বৰ্জনৰ বাবেও আহ্বান জনাইছে।

বিজেপি দলৰ নিলম্বনৰ নিৰ্দেশ গ্ৰহণ কৰা বুলি প্ৰকাশ কৰিছে নুপুৰ শৰ্মাই।এনেসময়তে নেদাৰলেণ্ডৰ এজন সাংসদে নুপুৰ শৰ্মাৰ পক্ষ গ্ৰহণ কৰিছিল।জন্মগত ভাৱেই তেওঁ সংঘ পৰিয়ালৰ প্ৰতি সদায় আনুগত্য আছি বুলি কয় নুপুৰ শৰ্মাই। উল্লেখযোগ্য যে, বিজেপিৰ পৰা নিলম্বিত হোৱাৰ পিছতে নুপুৰ শৰ্মাৰ জীৱনৰ প্ৰতি ভাবুকি আহিছে।

afganisthanimran khanINDIAnupur sharmapakistanpm modi
Comments (0)
Add Comment