- আজি ১০ জুনত ৰাজ্যজুৰি আছুৰ ছাত্ৰ সংহতি দিৱস
- আছুৰ কেন্দ্রীয় অনুষ্ঠান অনুষ্ঠিত হ’ব চিমেন চাপৰিত
১৯৭৪ চনত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত চলা খাদ্য আৰু অৰ্থনৈতিক আন্দোলনৰ ১০ জুনত প্ৰাণ আহুতি দিছিল শ্বহীদ গজেন ইংতি আৰু শ্বহীদ পুতুল শইকীয়াই। শ্বহীদ দুজনৰ প্রতি শ্রদ্ধাঞ্জলি জনাই অসমৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে ছাত্র সমাজক ঐক্য আৰু সংহতিনে অধিক শক্তিশালীভাবে আগুৱাই নিবলৈ সংকল্প গ্রহণ কৰি প্ৰতিবছৰৰ দৰে এইবছৰো ১০ জুনৰ দিনটো সদৌ আসম ছাত্ৰ সন্থাই ৰাজ্যজুৰি ছাত্র সংহতি দিবস হিচাপে পালন কৰিব।
সমগ্র অসমত ছাত্ৰ সন্থাৰ প্ৰতিখন জিলা, মহকুমা, আঞ্চলিক ছাত্ৰ সন্থাই বিভিন্ন কাৰ্যসূচীৰে ছাত্ৰ সংহতি দিৱস পালন কৰে।সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অনুষ্ঠান সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ উদ্যোগত জোনাই মহকুমা ছাত্ৰ সন্থা, চিমেন চাপৰি আঞ্চলিক ছাত্ৰ সন্থা আৰু চিমেন চাপৰি ৰাইজৰ সহযোগত চিমেন চাপৰিৰ শিল্পী সংঘৰ বাকৰিত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ।
ছাত্ৰ সন্থাৰ সভাপতি দীপাকে কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ১৯৭৪ চনৰ খাদ্য আৰু অর্থনৈতিক আন্দোলনৰ শ্বহীদ গজেন ইংতি আৰু শহীদ পুতুল শইকীয়ালৈ গভীৰ শ্রদ্ধাঞ্জলি জনাই কয়- ১৯৭৪ চনৰ খাদ্য আৰু অর্থনৈতিক আন্দোলনৰ চিন্তাৰ প্ৰাসংগিতা আজিও প্রাসংগিক বুদ্ধি প্রমাণিত হৈছে। অসমত এটা সামগ্রিক অর্থনৈতিক আন্দোলনৰ প্রয়োজনীয়তা পুনৰ প্ৰতিষ্ঠা হৈছে।
ৰাইজৰ অভিভাবকত্বত ছাত্ৰ সন্থাই সমগ্ৰ অসমত সামগ্রিকভাবে এই আন্দোলন আগুৱাই নিব। বিবৃতিত পুনৰ কয়- ছাত্ৰ সংহতি দিবাৰ তাৎপৰ্য অসমত প্ৰতিটো মুহূৰ্ত্ততে সত্য বুলি প্ৰমাণিত হৈছে। ১৯৭৪ চনৰ ১০ জুনত ছাত্ৰ সন্থাই ৰাজ্যজুৰি সত্যাগ্ৰহ কাৰ্যসূচীৰ আহ্বান জনাইছিল। শান্তিপূর্ণ ভাবে সত্যাগ্ৰহ কৰিবলৈ যাওতে মৰিগাঁও জিলাৰ ভূৰবন্ধাৰ ফুলকুমলীয়া ছাত্র গজেন ইংতি, পুতুল শইকীয়াক অসম চৰকাৰৰ পুলিচৰ গুলিচালনাত শ্বহীদ হৈছিল। সেই দিন ধৰি চৰকাৰৰ দমন নীতি, চৰকাৰী আৰু বেচৰকাৰী বিভাজন নীতি অসমৰ ছাত্ৰ সমাজৰ লগতে জনসাধাৰণে দৃঢ়তাৰে উফৰাই আহিছে।