- ট্ৰায়েল মেচৰ পৰাই ভাৰতীয় সমৰ্থকলৈ আহিল দুঃখবৰ
- কিংবদন্তী ভাৰতীয় বক্সাৰ মেৰীকমে ভৰিত আঘাত
- বাৰ্মিংহাম কমনৱেলথ গেমছৰ পৰা প্ৰত্যাহাৰ কৰিলে নিজৰ নাম
- ট্ৰায়েল মেচৰ পৰাই ভাৰতীয় সমৰ্থকৰ বাবে আহিল এক দুঃসংবাদ
বাৰ্মিংহামত অনুষ্ঠিত হ’বলগীয়া কমনৱেলথ গেমছত ভাগ নলয় ভাৰতীয় বক্সাৰ মেৰীকমে। ট্ৰায়েল মেচৰ সময়ত ভৰিত আঘাত পোৱাৰ ফলত নিজৰ নাম প্ৰত্যাহাৰ কৰিলে খেলুৱৈ গৰাকীয়ে।
ট্ৰায়েল মেচৰ পৰাই ভাৰতীয় সমৰ্থকৰ বাবে আহিল এই দুঃসংবাদ। কিংবদন্তী ভাৰতীয় বক্সাৰ মেৰীকমে ভৰিৰ আঘাতৰ বাবে নিজৰ নাম প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হয়।
আগন্তুক বাৰ্মিংহাম কমনৱেলথ গেমছৰ বাবে ভাৰতীয় বক্সিং দল নিৰ্বাচনৰ বাবে অনুষ্ঠিত হৈছিল ট্ৰায়েল মেচ। ৪৮ কেজি শাখাৰ পৰীক্ষামূলক অধিবেশনত অংশগ্ৰহণ কৰিছিল মেৰী কমে।তাতেই ভৰিত আঘাত পোৱাৰ বাবে মেৰীকমে নিজৰ নাম প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হয়। ইন্দিৰা গান্ধী ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল এই ট্ৰায়েল মেচখন।
৪৮ কেজি ওজনৰ ছেমিফাইনেলৰ প্ৰথম ৰাউণ্ডতে আঘাতপ্ৰাপ্ত হয় মেৰীকম।মেৰীকমে ট্ৰায়েলৰ ছেমিফাইনেলৰ পৰা নাম প্ৰত্যাহাৰ কৰা বাবে হাৰিয়ানাৰ নিতু ফাইনেলত প্ৰৱেশ কৰে। ২০১৮ চনৰ কমনৱেলথ গেমছৰ স্বৰ্ণ পদক বিজয়ী মেৰী কম হঠাতে প্ৰথম ৰাউণ্ডৰ ট্ৰাইলৰ সময়ত পৰি যায়।