অসম-মেঘালয়ৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে

  • অসমত অব্যাহত আছে প্ৰৱল বৃষ্টিপাত
  • অসম-মেঘালয়ৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে
  • ১৭ জুনলৈকে উত্তৰ-পূৱত হ’ব ধাৰাসাৰ বৰষুণ
  • ভাৰতীয় বতৰ বিজ্ঞান বিভাগে সদৰী কৰিছে এই তথ্য

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ১৩ জুনৰ পৰা উত্তৰ-পূবৰ ৰাজ্যসমূহত ১৭ জুনলৈকে ধাৰাসাৰ বৰষুণ অব্যাহত থাকিব বুলি সদৰী কৰিছিল। অসম আৰু মেঘালয়ৰ বাবে বিশেষ সতৰ্কতা জাৰি কৰিছে বিভাগটোৱে। অসম আৰু মেঘালয়ৰ কেইবাখনো ঠাইত ইতিমধ্যে নেৰানেপেৰাকৈ ধাৰাসাৰ বৰষুণ হৈ আছে।

যাৰবাবে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে জনসাধাৰণ। ঠায়ে ঠায়ে হৈছে বিস্তৰ ক্ষতিসাধন।সোমবাৰে ঠাইভেদে ২৪ ঘণ্টাত ১০০ মিলিমিটাৰ পৰা ৩০০ মিলিমিটাৰ পৰ্যন্ত বৰষুণ হৈছিল।

মঙলবাৰ, বৃহস্পতিবাৰ আৰু শুকুৰবাৰৰ বাবে অসম আৰু মেঘালয়ৰ বাবে ৰেড এলাৰ্ট জাৰি কৰাৰ লগতে, আইএমডিয়ে অৰুণাচল প্ৰদেশৰ বাবে ১৭ জুনলৈকে অৰেঞ্জ এলাৰ্টৰ সতৰ্কতা জাৰি কৰিছে

assamINDIAmeghalayamonsoonred alertweather report
Comments (0)
Add Comment