বিজেপিৰ অপসাৰিত ৰাষ্ট্ৰীয় মুখপাত্ৰ নুপূৰ শৰ্মাই পয়গম্বৰ হজৰত মহম্মদকলৈ কৰা বিৰূপ মন্তব্যই এতিয়া দেশৰ পৰিসীমা ভেদ কৰি বিদেশৰ বহু ৰাষ্ট্ৰতো জোকাৰণি তুলিছে। সেই জোকাৰণিয়ে এতিয়া অসমকো চুই যোৱাৰ আশংকা কৰা হৈছে। তেনে আশংকাৰ পৰিপ্ৰেক্ষিততে অসমৰ চাৰিখনকৈ জিলাত প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰি সাম্ভাৱ্য অশান্তি ৰোধ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে।
অসমৰ তিনি খন জিলা ক্ৰমে কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিত প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰাৰ পিছত এইবাৰ কামৰূপ জিলাতো প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰিছে। উল্লেখ্য শুক্ৰবাৰে কাছাৰৰ সোনাইত ‘ওৱাইচি ফেন ক্লাব’ নামৰ এটা সংগঠনৰ উদ্যোগত নুপূৰ শৰ্মাই হজৰত মহম্মদক কৰা অপমানৰ বাবে প্ৰতিবাদ সাৱ্যস্ত কৰা হৈছিল।
নুপূৰ শৰ্মাৰ মন্তব্যক অচিলা হিচাবে লৈ অসমতো যাতে উত্তৰ প্ৰদেশ , ঝাৰখণ্ড আদি ৰাজ্যৰ দৰে হিংসাত্মক পৰিবেশৰ সৃষ্টি নহয় তাৰ বাবে অসম চৰকাৰ সষ্টম হৈ পৰিছে। সেই মৰ্মে আজি ৰাজ্যৰ তিনি খন জিলাৰ পিছত চতুৰ্থ খন জিলা হিচাবে কামৰূপ জিলাত ১৪৪ ধাৰা জাৰি কৰা হয়। কোনো অসাধু লোক, সংগঠন ইত্যাদিয়ে যাতে ৰাজহুৱা শান্তি –শৃংখলা ভংগ কৰিব নোৱাৰে তাৰ প্রতি সাৱধানতা। কামৰূপ জিলাৰ ভাৰপ্রাপ্ত জিলা দণ্ডাধীশ সিদ্ধাৰ্থ গোস্বামীয়ে ১২ জুনৰ পৰা কাৰ্যকৰী হোৱাকৈ জিলাখনত ফৌজদাৰী কাৰ্য্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে।