জোনমণি ৰাভাৰ জামিন আবেদন নাকচ কৰিলে আদালতে

  • জোনমণি ৰাভাৰ জামিন আবেদন নাকচ
  • চাকৰিৰ নামত ধন সংগ্ৰহৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল জোনমণি
  • পুনৰ ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ
  • জোনমণি ৰাভাৰ জামিন আবেদন নাকচ আদালতৰ
  • আৰক্ষী উপ পৰিদৰ্শক জোনমণি ৰাভাৰ জামিন আবেদন নাকচ


চাকৰি আৰু ঠিকা দিয়াৰ নামত বৃহৎ পৰিমাণৰ ধন সংগ্ৰহৰ অভিযোগত ভাবি পতিৰ পিছতে গ্ৰেপ্তাৰ হৈছিল এচআই জোনমণি ৰাভা। আজি মাজুলীৰ সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰা হৈছিল জোনমণি ৰাভাক
আদালতে পুনৰ ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে জোনমণিক। জানিব পৰা মতে জোনমণি ৰাভাই উচ্চতম ন্যায়ালয়ত জামিন আবেদন কৰিব।


জোনমণি আৰু ৰাণা পগাগৰ মাজত ধনৰ লেনদেনৰ তথ্য লাভ কৰিছিল তদন্ত কাৰী আৰক্ষীয়ে । তাৰপিছতেই গড়মূৰ থানাত জেৰা কৰা হৈছিল SI Junmoni Rabha ক । জোনমণিৰ দুটা বেংক একাউন্টত সোমাইছিল ২০লাখৰো অধিক ধন। আৰু তাৰপিছতেই গড়মূৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে জোনমণি ৰাভাক।


প্ৰথমতে জোনমণি ৰাভাই নিজ হাতে আটক কৰিছিল তেওঁৰ ভাবী স্বামী ৰাণা পগাগক। তেওঁ নিজেই সৰযন্ত্ৰৰ বলী হোৱা বুলি সদৰি কৰিছিল। জোণমণিৰ ভায্য আছিল তেওঁক তেওঁৰ ভাবী স্বামীয়ে নিজকে অইলৰ এজন বিষযা বুলি প্ৰতাৰণা কৰা বুলি সদৰি কৰিছিল তেওঁ। কিন্তু ৰাণা পগাগৰ প্ৰকৃত পৰিচয় লগতে ধনৰ অবৈধ লেন দেনৰ বাবে তেওঁক নিজ হাতে আটক কৰিছিল এচআই জোণমণি ৰাভাই। কিন্তু পৰৱৰ্তী সময়ত পোহৰলৈ আহিছিল নতুন তথ্য। জোনমণিও সমানেই অংশীদাৰ আছিল ৰাণা পগাগৰ এই কৰ্মত। চাকৰি দিয়াৰ প্ৰলোভনেৰে অইন ব্যক্তিৰ লগত ৰাণা পগাগ পৰিচয় কৰাই দিছিল খোদ জোনমণি ৰাভাই। এই তথ্য পোহৰলৈ অহাৰ পিছতেই চাঞ্চল্যই বিৰাজ কৰিছিল। জোনমণি ৰাভাৰ ওপৰত আৰক্ষীয়ে আৰম্ভ কৰিছিল জেৰা। তাৰপিছতেই পোহৰলৈ আছিল বিভিন্ন আশ্বৰ্যজনক তথ্য। অৱশেষত আৰক্ষীয়ে আটক কৰিছিল এচ আই জোনমণি ৰাভাক।

assamenewsne assamINDIAjoonmoni rabhanortheastrana pogag
Comments (0)
Add Comment