- গুৱাহাটীত মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কৰ বাহৰ সন্দৰ্ভত শংকৰজ্যোতি বৰুৱাৰ প্ৰতিক্ৰিয়া
- পঠিয়াব লাগিছিল বান সাহায্যৰ বিশেষ পেকেজ, পঠিয়ালে মহাৰাষ্ট্ৰৰ বিসম্বাদী ৪২ বিধায়ক : আছুৰ প্ৰতিক্ৰিয়া
প্ৰলয়ংকৰী বানপানী, গৰাখহনীয়াৰ ভয়াৱহ ৰূপে ৰাজ্যৰ প্ৰায় আটাইকেইখন জিলাতেই জনসাধাৰণৰ জীৱন ধাৰণ ব্যাহত কৰিছে ৷ নেৰানেপেৰা বৰষুণ, নদীবান্ধৰ পানী এৰি দিয়াত বান পৰস্থিতি এতিয়াও অপৰিবৰ্তিত ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতো বহু ঠাইত লাভ কৰা নাই বান সাহায্য। তৎপৰতাৰে উদ্ধাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা নাই চৰকাৰ-প্ৰশাসনে ৷ লাভ কৰা নাই চিকিৎসা সেৱা, শিশু খাদ্য, পশুধনৰ খাদ্য ৷ ঘৰ-ভেটি, খেতি হেৰুৱাই চকুলো টুকিছে বানাক্ৰান্তই ৷ ইফালে চৰকাৰৰ একাংশ মন্ত্ৰী, সাংসদ, বিধায়কে পুৱতি নিশালৈ মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কক লৈ ব্যস্ত ৷
যিসময়ত কেন্দ্ৰীয় চৰকাৰে অসমৰ ভয়াৱহ বানপানী, খহনীয়া, ভূমিস্খলনৰ পৰা পৰিত্ৰাণ পাবলৈ বিশেষ সাহায্য পেকেজ ঘোষণা কৰি অসমৰ জনসাধাৰণক সকাহ প্ৰদান কৰিব লাগিছিল সেইসময়ত মহাৰাষ্ট্ৰৰ বিসম্বাদী ৪২ বিধায়কক অসমলৈ পঠিয়াইছে ৷ এয়া কেন্দ্ৰৰ অসমৰ জনসাধাৰণৰ প্ৰতি অন্যায় ৷ কেন্দ্ৰীয় চৰকাৰে এই কাৰ্যৰ জৰিয়তে অসমৰ ৰাইজক চৰম অপমানিত কৰিছে। অসমৰ প্ৰতি কেন্দ্ৰৰ মাঁহী আইৰ চকু পুনৰ প্ৰমাণিত হৈছে ৷ অসমৰ মুখ্যমন্ত্ৰী গৰাকীক এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে দাবী জনাই এইদৰে তীব্ৰ প্ৰতক্ৰিয়া প্ৰকাশ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ৷ উল্লেখ্য যে, বুধবাৰে নলবাৰী জিলাৰ বৰভাগ মৌজাৰ বৰবুকীয়া আৰু বৰশিমলুৱা গাঁৱৰ বানত আক্ৰান্ত হৈ থকা অঞ্চলটোত ছাত্ৰ সন্থাই প্ৰয়োজনীয় বান সাহায্য প্ৰদান কৰে ৷ অঞ্চলটোৰ বানক্ৰান্তৰ ৰাইজৰ মাজত উপস্থিত হৈ ছাত্ৰ সন্থাৰ সাঃ সম্পাদক শংকৰজ্যোতি বৰুৱাই বানাক্ৰান্তই প্ৰয়োজনীয় সাহায্য লাভ নকৰাত ক্ষোভ উজাৰে ৷ লগতে তেখেতে বৰভাগৰ দুসুঁতিমুখ অঞ্চলত বানপানীৰ পৰা ৰক্ষা পাবলৈ অসম চৰকাৰৰ অভিলাসী আঁচনিৰ জৰিয়তে ২০বছৰ পূৰ্বে নিৰ্মাণ আৰম্ভ কৰা শ্লুইচ গেটৰ কাম আজিও সম্পূৰ্ণ নোহোৱাত আশ্চৰ্য প্ৰকাশ কৰে ৷
উল্লেখযোগ্য যে দুসুঁতিমুখৰ শ্লুইচ গেটৰ কাম দুটাকৈ নিৰ্মাণকাৰী সংস্থাই নিৰ্মাণকাৰ্য আধাতে সামৰি গুচি যোৱাত বহু মূল্যৱান যন্ত্ৰপাতি তাতে পৰি আছে ৷ আঁচনিৰ মতে সঠাইজানৰ ১১ কিঃমিঃ খন্দা আৰু বৰলীয়া নদীৰ মথাউৰিৰ ৬ কিঃমিঃ নিৰ্মাণ অথবা মেৰামতিৰ কামো সম্পূৰ্ণ হৈ নুঠিল ৷ ফলত প্ৰতিটো বাৰিষাতে অঞ্চলটোৰ জনসাধাৰণে জীয়াতু ভুগিব লগীয়া হয় ৷ সমস্যাটো সমাধানৰ বাবে বৰ্তমানৰ চৰকাৰৰেও কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই ৷ বানপীড়িত অঞ্চলটো পৰিভ্ৰমণ কৰি ছাত্ৰ সন্থাৰ দলটোৱে এই নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰিবলৈ চৰকাৰক দাবী জনায় ৷