অসম বীজ নিগমৰ বিৰুদ্ধে প্ৰকাশ পাইছিল ভূৱা বাতৰি

শেহতীয়াভাৱে ১০ আগষ্টত একাংশ সংবাদ মাধ্যমত অসম বীজ নিগমৰ বিৰুদ্ধে এটা বাতৰি প্ৰকাশ পাইছিল। “বীজ নিগমত পুনৰ তিনি যোগনিয়াৰৰ দপদপনি-২০ শতাংশ বীজ যোগানেৰে সৰকাই নিলে কোটি কোটি টকা”-শীৰ্ষক বাতৰিটো প্ৰকাশ পাইছিল। বাতৰি সম্প্ৰচাৰ হোৱাটো নিগমে লক্ষ্য কৰিছিল আৰু ইয়াৰ পিছতেই বাতৰিটোৱে জনমানসত বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ অৱকাশ থকাত এই সন্দৰ্ভত প্ৰকৃত তথ্য ৰাইজৰ জ্ঞাতাৰ্থে প্ৰকাশ কৰিছে অসম বীজ নিগমে।

অসম মিলেট মিচন আৰু কৃষি বিভাগে ৰূপায়ণ কৰি থকা বুলি উল্লেখ কৰা বিশেষ ৰবি শস্যৰ অভিযানত কোনো সম্পৰ্ক নাই। আনহাতে বীজ যোগান সম্পৰ্কত প্ৰকাশ পোৱা বাতৰিও সম্পূৰ্ণৰূপে ভিত্তিহীন।প্ৰকৃততে বীজ নিগমে সংশ্লিষ্ট অনুমোদিত বীজ যোগানকাৰী প্ৰতিষ্ঠানক ১,২৬৩ কুইণ্টল আলুৰ বীজ যোগান ধৰিবলৈহে নিৰ্দেশ প্ৰদান কৰিছিল। মাটিমাহ, তিল, বাদাম, লেছেৰা, ওটছ আদি শস্যৰ অসমৰ মিলেট মিচনৰ সৈতে কোনো সম্পৰ্ক নাই।

আনহাতে বীজ যোগানকাৰী প্ৰতিষ্ঠান নিৰ্বাচন সম্পূৰ্ণ প্ৰক্ৰিয়াটো এক নিৰ্দিষ্ট নীতি-নিয়মৰ মাজেৰে সম্পন্ন হয় আৰু ইয়াত কোনো প্ৰতিষ্ঠানে অনুগ্ৰহ কৰাৰ প্ৰশ্ন উঠিব নোৱাৰে। বীজ যোগানকাৰী প্ৰতিষ্ঠানে কৃষকক বীজ যোগান ধৰাৰ পূৰ্বেই সেই বীজ উপযুক্ত মানসম্পন্ন বুলি আৰু জৈৱিক প্ৰমাণিকৰণ সংস্থাই প্ৰমাণপত্ৰ দিয়াৰ পাছতহে অসম বীজ নিগমে কৃষকক সেই বীজ যোগান ধৰে বুলি সদৰি কৰিলে।

assam seeds corporation ltdenewsne
Comments (0)
Add Comment