অসম চৰকাৰৰ কৃষি বিভাগৰ উদ্যোগত আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত ১৭ ৰ পৰা ১৯ ডিচেম্বৰলৈ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈ থকা “সপ্তম অসম আন্তৰ্জাতিক কৃষি-উদ্যান শস্য মেলা – ২০২২”ৰ আজিৰ সামৰণি অনুষ্ঠানত জলসম্পদ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই অংশ গ্ৰহণ কৰে ।
অনুষ্ঠানত বক্তব্য ৰাখি মন্ত্ৰীগৰাকীয়ে কয় যে কৃষি প্ৰধান ৰাজ্য হিচাপে অসমৰ কৃষক সকলৰ উন্নয়নৰ উপৰত ৰাজ্য খনৰো উন্নয়ন নিৰ্ভৰ কৰে।
মন্ত্ৰীগৰাকীয়ে কৃষক তথা কৃষিৰ উন্নয়নৰ জড়িয়তে ৰাজ্যখনক স্ব-নিৰ্ভৰশীল কৰি তোলাৰ উপৰত গুৰুত্ব দিবলৈ উপস্থিত কৃষক আৰু কৃষি বিভাগৰ বিষয়াসকলক আহ্বান জনায় ।