গুৱাহাটীত জনসংযোগ বিভাগৰ দুখন ডিজিটেল বিলবোৰ্ড উন্মোচন মন্ত্ৰী পীযুষ হাজৰীকাৰ

জনসাধাৰণৰ মাজলৈ চৰকাৰী আঁচনি আৰু সুবিধাসমূহ লৈ যোৱাত জনসংযোগ বিভাগৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে: মন্ত্ৰী পীযুষ হাজৰীকা

অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি গুৱাহাটীৰ খানাপাৰাস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ চৌহদত তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ দ্বাৰা স্থাপিত এখন ডিজিটেল বিলবোৰ্ড আনুষ্ঠানিকভাৱে উন্মোচন কৰে৷ইয়াৰ লগতে পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ চৌহদতো সঞ্চালকালয়ৰ দ্বাৰা স্থাপিত আন এখন ডিজিটেল বিলবোৰ্ড আজিৰে পৰা কাৰ্যক্ষম হৈ উঠে৷খানাপাৰাস্থিত প্ৰশাসনিক ভৱনৰ সমীপৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ চৌহদত অনাড়ম্বৰভাৱে আয়োজিত এটা অনুষ্ঠানত বিলবোৰ্ড উন্মোচন কৰি মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে অসম চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ বিভাগ হিচাপে চৰকাৰখনৰ জনকল্যাণমূলক আঁচনিসমূহ ৰাইজৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত জনসংযোগ বিভাগৰ এটা উল্লেখনীয় ভূমিকা আছে৷আজিৰে পৰা কাৰ্যক্ষম হৈ উঠা দুখন বিলবোৰ্ডকে ধৰি জনসংযোগ সঞ্চালকালয়ৰ মুঠ ৫ খন ডিজিটেল বিলবোৰ্ড আছে বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই কয় যে এনে মাধ্যমসমূহৰ জড়িয়তে বিভাগে চৰকাৰী আঁচনিসমূহক ৰাইজৰ মাজলৈ নিয়াৰ প্ৰয়াস কৰি আহিছে৷

মন্ত্ৰীগৰাকীয়ে বিগত বৰ্ষত বঙাইগাঁও জিলাত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত অংশগ্ৰহণ কৰি ঘূৰি আহোতে চৰকাৰী কাৰ্যসূচী অনুসৰি চৰকাৰী আঁচনিৰ হিতাধিকাৰীৰ সৈতে কথা বতৰা হঁওতে হোৱা এটা অভিজ্ঞতাৰ কথা উল্লেখ কৰি কয় যে এতিয়াও আমাৰ মাজৰ একাংশই বহু সময়ত চৰকাৰী আঁচনিৰ বিষয়ে সঠিককৈ গম নাপায়৷এগৰাকী হিতাধিকাৰীয়ে তিনি বছৰৰ আগতে অটল অমৃত আঁচনিৰ অধীনত সুবিধা লাভ কৰাৰ পাছত পুনৰ এনে সুবিধা লাভ কৰিব নোৱাৰিব বুলি ভাৱি থকাৰ কথা উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই কয় যে কেৱল আনুষ্ঠানিক শিক্ষা নথকা লোকেই নহয় আনুষ্ঠানিকভাৱে শিক্ষিত এনে বহুতো লোক আছে যিসকলৰ মাজত চৰকাৰী আঁচনিৰ বিষয়ে সম্পূৰ্ণ সজাগতা নাই৷এনেবোৰ কাৰণতে চৰকাৰৰ জনসংযোগ বিভাগৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলি মন্ত্ৰী গৰাকীয়ে মন্তব্য প্ৰকাশ কৰে৷

আনহাতে বিগত সময়ত তথ্য আৰু জনসংযোগ বিভাগে ৰাজ্য চৰকাৰৰ বহুকেইটা গুৰুত্বপূৰ্ণ কামৰ অংশীদাৰ হোৱা বুলি উল্লেখ কৰি বিভাগটোৰ ক্ৰমবৰ্দ্ধিত গুৰুত্বৰ কথা মন্ত্ৰী হাজৰীকাই প্ৰকাশ কৰে৷মন্ত্ৰী গৰাকীয়ে কয় যে বিগত বৰ্ষত তথ্য আৰু জনসংযোগ বিভাগৰ তত্বাৱধানতে নতুন দিল্লীত দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু বিত্ত মন্ত্ৰীৰ উপস্থিতিত বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী সুকলমে অনুষ্ঠিত হৈ যায়৷

উল্লেখযোগ্য যে তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ অধীনত আজি খানাপাৰা আৰু কলাক্ষেত্ৰত দুখন ডিজিটেল বিলবোৰ্ড কাৰ্যক্ষম হোৱাৰ আগতে সঞ্চালকালয়ৰ অধীনত গুৱাহাটীৰ জালুকবাৰী,দিছপুৰৰ জনতা ভৱনৰ প্ৰৱেশ পথ আৰু ডিব্ৰুগড় নগৰত মুঠ তিনিখন ডিজিটেল বিলবোৰ্ড সক্ৰিয় হৈ আছিল৷ সঞ্চালকালয়ৰ অধীনত আন মাধ্যমসমূহৰ লগতে এই ডিজিটেল বিলবোৰ্ডসমূহৰ জড়িয়তেও চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আঁচনি, সজাগতামূলক অনুষ্ঠান আদিৰ প্ৰচাৰ হৈ আছে৷আজিৰ অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ লগতে অসম কৃষি বিশ্ববিদ্যালয়ৰ পশু চিকিৎসা বিজ্ঞানৰ ডীন ড° বিবেকানন্দ শইকীয়া,তথ্য আৰু জনসংযোগৰ সচিব অৰুন্ধুতী চক্ৰৱৰ্তী, সঞ্চালক বিষ্ণু কমল বৰা আৰু আন বিভাগীয় বিষয়াসকল উপস্থিত আছিল৷

assaenewsneguwahatinewspijushhazarika
Comments (0)
Add Comment