পুনৰ ৰেড কাৰ্পেটত জিলিকি উঠিল অসমৰ হস্ততাঁত

পুনৰ ৰেড কাৰ্পেটত জিলিকি উঠিল অসমৰ হস্ততাঁত। সংযুক্তা দত্তৰ ফেশ্বনৰ যাদুকৰী সৃষ্টিৰ প্ৰদৰ্শনেৰে ডিজাইন কৰা ।ভেনিচ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত জিলিকি উঠিল অসমৰ প্ৰতিষ্ঠিত ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তই আধুনিক ৰূপত ডিজাইন কৰা পাটৰ সাজ।

সংযুক্তা দত্তৰ ফেশ্বনৰ যাদুকৰী সৃষ্টিৰ প্ৰদৰ্শনেৰে ডিজাইন কৰা এই আধুনিক পাটৰ সাজযোৰ পৰিধান কৰি ভেনিচ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত খোজ দিলে চুপাৰমডেল মিৰ্কা হাৱাৰ্ডে। কেৱল অসমতে উপলব্ধ বিৰল আৰু উচ্চমানৰ মূগা আৰু পাটৰ কাপোৰৰ ওপৰত বৰ্ণিল সমাহিত ৰঙৰ সতেজ মিশ্ৰণেৰে সাজ-পোছাক ডিজাইন কৰে সংযুক্তা দত্তই ৷ ভেনিচ চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত প্ৰদৰ্শিত পোছাকযোৰ সুনিপুণ হাতেৰে প্ৰস্তুত কৰা অনুপম সৌন্দৰ্যৰে ভৰপূৰ বুলি প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে ৷


ইতিপূৰ্বে লেকমে ফেশ্বন শ্ব’ত নিজৰ ডিজাইন প্ৰদৰ্শন কৰা প্ৰথম গৰাকী অসমীয়া মহিলা আছিল সংযুক্তা দত্ত ।

Comments (0)
Add Comment