বিধ্বংসী ভূমিকম্পত মৃত্যু উপত্যকাত পৰিণত মৰক্কো

দুই সহস্ৰাধিকলৈ বৃদ্ধি মৰক্কোত ভূঁইকঁপে প্ৰাণ লোৱা লোকৰ সংখ্যা। চহৰখনত ৪দিনৰ ধৰি অব্যাহত আছে উদ্ধাৰ অভিযান।প্ৰশাসনে উদ্ধাৰ অভিযান অব্যাহত ৰখাৰ বাবে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা প্ৰকাশ কৰিছে। বিগত ৮ ছেপ্টম্বৰত মৰক্কো জোকাৰি গৈছিল এক শিহৰণকাৰী ভূমিকম্পই। এই ভয়ংকৰ ভূমিকম্পই চহৰখন তচনচ কৰি দিছিল। চহৰখনৰ পথ-গৃহ থানবান কৰা এই ভূমিকম্পই হাজাৰৰো অধিক লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ খবৰ প্ৰাৰম্ভিক পৰ্যায়ত প্ৰকাশ পাইছিল।

বৰ্তমান চহৰখনত ভূমিকম্পই প্ৰাণ লোৱা মৃতকৰ সংখ্যা ২,৮৬২ লৈ বৃদ্ধি পায়। অৱশ্যে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি চহৰখনৰ প্ৰশাসন তথা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান বৰ্তমানেও অব্যাহত ৰখাত ভূমিকম্পত প্ৰাণ যোৱা মৃতকৰ সংখ্যা আনুষ্ঠানিকভাবে ঘোষণা কৰা নাই।

আনহাতে আহতসকলক হাস্পতালত ভৰ্তি কৰোৱা হৈছে যদিও আহতৰ সংখ্যাও যথেষ্ট বৃদ্ধি পোৱাত হাস্পতালতসমূহতো সৃষ্টি হৈছে অভাৱনীয় পৰিস্থিতিৰ।

উল্লেখ্য যে, মৰক্কোৰ আটাইতকৈ ডাঙৰ ভূমিকম্প বুলি অভিহিত কৰা এই ভূঁইকঁপৰ প্ৰাবল্য আছিল ৬.৮ ৰিখটাৰ। ইয়াৰ পূৰ্বে মৰক্কোত ১৯৬০ চনত হোৱা ভূমিকম্পক আটাইতকৈ ভয়ংকৰ বুলি অভিহিত কৰি আহিছিল। যি ভূঁইকঁপৰ ফলত প্ৰাণ হেৰুৱাইছিল ১২,০০০-১৫,০০০ লোকে।

#morocco earthquake#
Comments (0)
Add Comment