ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শনিবাৰে নতুন দিল্লীৰ ভাৰত মণ্ডপমত জি-২০ সন্মিলনত অংশগ্ৰহণ কৰা বিশ্বৰ নেতা , প্ৰতিনিধিসকলৰ বাবে এক বিশেষ নৈশ ভোজৰ আয়োজন কৰে।এই নৈশ ভোজনলৈ বিদেশী নেতা আৰু প্ৰতিনিধিৰ উপৰিও সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰী, কেবিনেট আৰু ৰাজ্যিক মন্ত্ৰী, কেন্দ্ৰীয় চৰকাৰৰ সচিব লগতে অন্যান্য বিশিষ্ট অতিথিসকলক নৈশ ভোজনলৈ আমন্ত্ৰণ জনোৱা হয়।
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আয়োজন কৰা এই নৈশ ভোজনৰ মেনুখনত আছিল ভাৰতীয় সোৱাদৰ সৈতে আহাৰ আৰু বাজৰাৰ পৰা তৈয়াৰ কৰা অভিনৱ ব্যঞ্জন আৰু প্ৰতিনিধিসকলৰ বাবে বিভিন্ন ষ্ট্ৰীট ফুড। বিশ্বৰ ৰাষ্ট্ৰ প্ৰধানক সম্পূৰ্ণ এসাঁজ নিৰামিষ আহাৰ আপ্যায়ন কৰি চৰ্চালৈ আহিছে ৰাষ্ট্ৰপতি। মাৰ্কিন ৰাষ্ট্ৰপতিক মূল খাদ্যাভাস কাঠফুলা আৰু কঁঠাল ভাজিৰে আপ্যায়ন কৰা হৈছে। ইয়াৰ লগত আছে মচমচীয়া কণীধানৰ চাউলৰ ভাত আৰু নৰসিংহ পাত ছটিওৱা কেৰালাৰ সৈতে ৰঙা চাউলৰ ভাত। এই ব্যঞ্জন বিধৰ নাম হৈছে বণবৰ্ণম
ইয়াৰ উপৰিও Starter হিচাপে মচমচীয়া ফক্সটেল মিলেটৰ পাপৰ , লগত আছিল দৈৰ ঘোল আৰু মছলা চাটনী । এই খাদ্যাভাসৰ নাম হৈছে পাত্ৰম। মূল আহাৰৰ লগতে আছিল পিয়াঁজ বীজ, গোন্ধযুক্ত কোমল বন। ইয়াৰোপৰি ভাত খাব নিবিচৰাসকলৰ বাবে আছিল বাকৰখনীৰ সোৱাদ । মূল খাদ্যৰ অন্তত মুখ মিঠা কৰিবলৈ ৰখা Dessert বিধৰ নাম হৈছে মাধুৰিমা। মাধুৰিমা ইলাচী দিয়া মিলেটৰ পায়স। পানীয়ত আছিল কাশ্মীৰী কাহৱা , কফী আৰু দাৰ্জিলিং চাহ।
খাদ্যৰ তালিকাখন শৰৎ ঋতু নামেৰে নামাকৰণ কৰা হৈছে । “বিবিধ পৰম্পৰা, ৰীতি-নীতি, আৰু বতৰৰ সংমিশ্ৰণৰে ভাৰত এখন বৈচিত্ৰময় দেশ। খাদ্যৰ সোঁৱাদে সংযোগ কৰে এনে বৈচিত্ৰতাক। এই সময়ত আমি উদযাপন কৰিছোঁ শৰত ঋতু।