সুখবৰঃ লাচিত দ্য ৱাৰিয়াৰ লৈ আন্তঃৰাষ্টীয় শ্ৰেষ্ঠ এনিমেচন চলচ্চিত্ৰ বঁটা

অসমবাসীলৈ আন এক সুখবৰ। লাচিত বৰফুকনৰ জীৱন আৰু কৰ্মৰ ওপৰত নিৰ্মিত চুটিছবি “লাচিত, দ্য ৱাৰিয়াৰ”য়ে সপ্তম চম্বল আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ এনিমেচন চলচ্চিত্ৰৰ বঁটা লাভ কৰে।

এই চুটি ছবিখনে লাভ কৰা এই শ্ৰেষ্ঠত্বৰ খিতাপৰ বাবে এতিয়া উৎফুল্লিত হৈ পৰিছে অসমৰ সাংস্কৃতিক জগত। পাৰ্থসাৰথি মহন্তৰ পৰিচালনা আৰু মিনা মহন্ত, ইন্দ্ৰাণী বৰুৱাৰ প্ৰযোজনাত প্ৰকাশ পোৱা এই চুটিছবিখনৰ ধাৰাভাষ্যকাৰ হৈছে অমৰজ্যোতি চৌধুৰীয়ে।

উল্লেখ্য যে, চলিত বৰ্ষৰ ৯ আৰু ১০ ছেপ্টেম্বৰত অনুষ্ঠিত হৈছিল এই সপ্তম চম্বল আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ। এই বৰ্ষত মহোৎসৱটিত ভাৰত, টাইৱান, আমেৰিকা যুক্তৰাষ্ট্ৰ, ইউকে, ভিয়েটনাম, ইজিপ্ত, অষ্ট্ৰেলিয়া, ইৰাণ, স্পেইন, পৰ্তুগাল, ছাৰ্বিয়া আৰু তুৰ্কীকে ধৰি ৩২খন দেশৰ বিভিন্ন শ্ৰেণীৰ ১৮৪খন চলচ্চিত্ৰই আনুষ্ঠানিক প্ৰৱেশ লাভ কৰিছিল।

Comments (0)
Add Comment