জম্মু-কাশমীৰত সন্ত্ৰাসবাদীৰে হোৱা সংঘৰ্ষত কৰ্ণেলসহ ৩ নিৰাপত্তাৰক্ষী নিহত হয়। বুধবাৰে জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাত কোকেৰনাগ অঞ্চলত সেনা আৰু সন্ত্ৰাসবাদীৰে হোৱা সংঘৰ্ষত ৩গৰাকীকৈ নিৰাপত্তাৰক্ষী নিহত হয়।
শ্বহীদ সেনা- আৰক্ষী বিষয়া তিনিগৰাকী হ’ল উপ-অধীক্ষক কৰ্ণেল মনপ্ৰীত সিং, মেজৰ আশীষ ধনষেক আৰু হুমায়ুন ভট। উল্লেখযোগ্য যে চোৰাংচোৱাৰ খবৰৰ ভিত্তিত মঙলবাৰৰ পৰা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সেনা-আৰক্ষীয়ে অভিযান চলাইছিল। সমগ্ৰ দেশবাসীয়ে শেষ বিদায় জনালে ৩ সেনা বিষয়াক।
অনন্তনাগৰ কোকেৰনাগ অঞ্চলৰ ঘন বনাঞ্চলৰ পৰা আৰক্ষী বিষয়া আৰু সেনা বিষয়া দুজনৰ মৃতদেহ উদ্ধাৰ কৰা হয়। দুদিন ধৰি চলা এই অভিযানত বুধবাৰে অনন্তনাগ জিলাত দুয়োপক্ষৰ মাজত হোৱা সংঘৰ্ষত ৩ নিৰাপত্তাৰক্ষী নিহত হয়। ইফালে উক্ত ঘটনাত আহত সেনা-আৰক্ষীৰ লোকসকলক হেলিকপ্তাৰৰে সুৰক্ষিত স্থানলৈ নি চিকিৎসাৰ ব্যৱস্থা কৰিছে।