মুখ্যমন্ত্ৰী পত্নীৰ নেতৃত্বাধীন কোম্পানীৰ ভূমি ক্ৰয় আৰু কেন্দ্ৰীয় সাহাৰ্য আঁচনিৰ অভিযোগক লৈ সাংসদ গৌৰৱ গগৈ আৰু মুখ্যমন্ত্ৰীৰ টুইট যুদ্ধ চলি থকাৰ মাজতে প্ৰথমবাৰলৈ সৰৱ হৈ মুখ খুলিলে ৰিণিকি ভূঞাই। ইয়াৰ পাছতে সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে ১০ কোটি টকাৰ মানহানিৰ গোচৰ তৰিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীৰ পত্নীয়ে।
প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ স্বত্বাধিকাৰী ৰিণিকি ভূঞা শৰ্মাই এই সন্দৰ্ভত প্ৰথমবাৰৰ বাবে মত প্ৰকাশ কৰি তেওঁৰ সম্পত্তিৰ হিচাপ সন্দৰ্ভত যি অভিযোগ উত্থাপন হৈছে সেই অভিযোগ খণ্ডন কৰিছে ।
সামাজিক মাধ্যমত টুইটাৰত এটা টেক্সট ভিডিঅ’ যোগে এই প্ৰসংগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীৰ পত্নীয়ে।
উল্লেখ্য যে, তিনিদিন ধৰি ৰিণিকি ভূঞা শৰ্মাৰ নাম কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ ১০ কোটি টকাৰ ৰাজ সাহাৰ্য লাভ বিতৰ্কত সাঙুৰ খাই পৰাৰ পিছত ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ পৰিছে। আনহাতে এই সন্দৰ্ভত বিভিন্ন বা-বাতৰি আৰু দলীয় অভিযোগক লৈ বিধানসভাৰ মজিয়াও উত্তাল হৈ পৰাৰ পাছতে মুখ্যমন্ত্ৰীৰ পত্নীগৰাকীয়ে প্ৰথমবাৰলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
ইয়াৰ পাছতে যোৱা তিনিদিন ধৰি কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে তথ্যসহ টুইটাৰত মুকলি বিতৰ্কত ভাগ লৈ সমালোচনাত মুখৰ হৈ থকা পৰিলক্ষিত হৈছিল। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে তেখেতৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই ১০ কোটিৰ সাহাৰ্য লোৱা বুলি প্ৰমাণ কৰিব পাৰিলে ৰাজহুৱা জীৱন ত্যাগ কৰিব বুলি গৌৰৱ গগৈ টুইটাৰ বিতৰ্কত ঘোষণা কৰিছে।