সংগীতৰ ক্ষেত্ৰখনত জুবিন গাৰ্গৰ সফলতা তথা জনপ্ৰিয়তাৰ অধিক। কিন্তু সংগীতৰ সমান্তৰালকৈ জুবিন গাৰ্গক দেখা গৈছে অভিনয়ৰ জগতখনতো। ২০০০ চনতে এন কে প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ হৈছিল ‘তুমি মোৰ মাথোঁ মোৰ’। ২০০০ চনত মুক্তি লাভ কৰা ৰোমান্টিক তথা এক্সনধৰ্মী অসমীয়া ছবিখন বক্স অফিচত সফল হৈছিল। জুবিনৰ দ্বাৰা পৰিচালিত আৰু এন. কে প্ৰডাকচনৰ দ্বাৰা প্ৰযোজিত এই চলচ্চিত্ৰখন অসমীয়া চলচ্চিত্ৰ জগতৰ অন্যতম সফল ছবি।
তাৰ পিছতে ক্ৰমে ‘প্ৰেম আৰু প্ৰেম’ ( অতিথি অভিনেতা), ভৱেন্দ্ৰ নাথ শইকীয়াৰ ‘দীনবন্ধু’, এম মণিৰামৰ ‘মন যায়’কে ধৰি বহুকেইখন ছবিত অভিনয় কৰাৰ অন্তত জুবিনে নিজৰ প্ৰডাকচনৰে ২০১৭ চনৰ ৮ ছেপ্টেম্বৰত মুক্তি দিছিল ‘মিছন চাইনা’। যথেষ্ট ৰিক্স লৈ জুবিন গাৰ্গে বহুখিনি ব্যয় কৰিছিল এই ছবিখনত। মিছন চাইনাৰ পিছতো কিন্তু বহু কেইখন ছবিত অভিনয় কৰিছে জুবিনে।
কিন্তু ‘চিকাৰ’ ছবিখনত কৰা জুবিনৰ চৰিত্ৰ অতি চেলেঞ্জিং। কিয়নো ছবিখনত হাৰ্টথ্ৰৱ জুবিনে ৰূপায়ন কৰিছে এজন চাহ জনগোষ্ঠীৰ যুৱকৰ চৰিত্ৰত। যিটো জুবিন গাৰ্গৰ বাবে হ’ব এক বৃহৎ প্ৰত্যাহ্বান। চাহ জনগোষ্ঠীয় যুৱক হিচাপে জুবিনে কিমানখিনি অভিনয় কৰিব পাৰিব তাৰ ওপৰত সকলোৰে দৃষ্টি থাকিব। কাৰণ ‘চিকাৰ’ ছবিখনত জুবিনৰ সংলাপ থাকিব চাহ জনগোষ্ঠীয় ভাষা। পিন্ধন তথা সকলোখিনি জুবিনে চাহ জনগোষ্ঠীৰ লোকৰ সৈতে নিজকে মিলাবলৈ চেষ্টা কৰিছে।
চিকাৰ’ ছবিখনত জুবিনে সকলোখিনি সলনি কৰিছে। ইয়াৰ পূৰ্বে স্বৰ্গীয় আব্দুল মজিদৰ এখন ছবিত জুবিনে এটা সৰু চৰিত্ৰত অভিনয় কৰিছিল যদিও ছবিখনে কিন্তু মুক্তি লাভ নকৰিলে। ফলত এইবাৰ ‘চিকাৰ’ ছবিখনতেই জুবিন গাৰ্গক প্ৰথমবাৰৰ বাবে চাহ জনজাতীয় যুৱকৰ ৰূপত দেখা যাব। যিটো হ’ব জুবিনৰ বাবে এক প্ৰত্যাহ্বান।