আজি সংসদৰ বিশেষ অধিৱেশনৰ সময়ত মহিলা সংৰক্ষণ বিধেয়ক উত্থাপন কৰা হ’ব

বিশেষ অধিৱেশনৰ সময়ত সংসদত উত্থাপন হ’বলগীয়া মহিলা সংৰক্ষণ বিধেয়কত সোমবাৰে কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনায়। পাঁচদিনীয়া অধিৱেশনৰ আৰম্ভণিতে ভাৰতীয় সংসদৰ ৭৫ বছৰীয়া যাত্ৰাক লৈ আলোচনা কৰা হয়।

উল্লেখ্য যে, ১৯ ছেপ্টেম্বৰত নতুন সংসদ ভৱনত পুনৰ বৈঠক অনুষ্ঠিত কৰিবলৈ দুয়োটা সদন স্থগিত ৰখা হৈছিল। সূত্ৰ অনুসৰি ২০ ছেপ্টেম্বৰত সংসদৰ বিশেষ অধিৱেশনৰ সময়ত মহিলা সংৰক্ষণ বিধেয়ক উত্থাপন কৰা হ’ব।

উল্লেখযোগ্য যে, ইতিমধ্যে সোমবাৰে সংসদৰ বিশেয অধিৱেশনৰ প্ৰথমটো দিনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কেবিনেটে মহিলা সংৰক্ষণ বিধেয়কত অনুমোদন জনাইছে। সূত্ৰ অনুসৰি চলিত সপ্তাহৰ বুধবাৰে সংসদৰ বিশেষ অধিৱেশনৰ সময়ত বিধেয়কখন উত্থাপন হোৱাৰ সম্ভাৱনা আছে। মহিলাৰ বাবে ৩৩% আসন সংৰক্ষণৰ সম্ভাৱনা আছে। লোকসভা-বিধানসভাত মহিলাৰ বাবে আসন সংৰক্ষণৰ সম্ভাৱনা আছে। সূত্ৰই জনোৱা মতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২-৩ দিনৰ ভিতৰত দিল্লী বা ৰাজস্থানত মহিলাৰ বাবে এক ডাঙৰ ৰেলী কৰাৰ সম্ভাৱনা আছে।

Comments (0)
Add Comment