দিনক দিনে অধিক তিক্ত হৈ আহিছে ভাৰতৰ আৰু কানাডাৰ মাজৰ সম্পৰ্ক। যোৱা ১৮ জুনত কানাডাত খালিস্থানী উগ্ৰপন্থী হৰদীপ সিং নিজ্জাৰৰ মৃত্যুত ভাৰত চৰকাৰ জড়িত থকা অভিযোগ উত্থাপন হৈছিল। ইয়াৰ পিছতে ভাৰতে উচিত প্ৰত্যুত্তৰ দিলে ভাৰতে।অৱশেষত ৫ দিনৰ ভিতৰতে কানাডাৰ কূটনীতিবিদক ভাৰত এৰিবলৈ নিদেৰ্শ দিয়ে ভাৰত চৰকাৰে।
ইয়াৰ উপৰিও কানাডাৰ জ্যেষ্ঠ কূটনীতিবিদৰ বিৰুদ্ধে তদন্ত চলাবলৈ ইতিমধ্যে ভাৰত চৰকাৰে ঘোষণা কৰে। এতিয়া ভাৰতৰ আভ্যন্তৰীণ ৰাজনীতিত কানাডাই কোনোধৰণ।
কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুড’ৱে খালিস্তানী সমৰ্থক হৰদ্বীপ সিং নিজ্জৰৰ হত্যাত ভাৰতৰ এজেণ্ট জড়িত থকাৰ অভিযোগ তুলিছিল। কানাডা চৰকাৰে নিজ্জৰৰ হত্যাৰ তদন্ত কৰিবলৈ হৈ ভাৰতৰ এগৰাকী কূটনীতিবিদক কানাডাৰ পৰা নিষ্কাষিত কৰে।