ভাৰত আৰু কানাডাৰ মাজত সম্পৰ্কৰ অৱনতি হোৱাৰ মাজতে বৃহস্পতিবাৰে ভাৰতে আন এক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। ভাৰত চৰকাৰে অনিৰ্দিষ্ট কাললৈ কানাডাৰ নাগৰিকৰ বাবে স্থগিত ৰাখিলে ভিছা সেৱা। এতিয়াৰ পৰা ভাৰত ভ্ৰমণ কৰিবলৈ নোৱাৰিব কানাডাৰ নাগৰিকসকলে।
ইতিমধ্যে কানাডাইও জাৰি কৰিছে ভাৰত ভ্ৰমণৰ বাবে সৰ্তকবাণী। অসম- মণিপুৰকে ধৰি প্ৰায় কেইটা অঞ্চল ভ্ৰমণক লৈ জাৰি কৰিছে এই সৰ্তকবাণী। তাৰ প্ৰত্যুত্তৰ দিবলৈ ভাৰত চৰকাৰে গ্ৰহণ কৰিছ এনে সিদ্ধান্ত।
উল্লেখ্য যে, কানাডাৰ প্ৰধানমন্ত্ৰী ট্ৰুড’ৱে দেশখনৰ সংসদত হৰদীপ সিং নিজ্জৰৰ হত্যাত ‘ভাৰত চৰকাৰৰ এজেণ্ট’ৰ জড়িত থকা বুলি মন্তব্য কৰিছিল। ইয়াৰ পূৰ্বে কানাডাই ভাৰতীয় কূটনীতিবিদজনক বহিষ্কাৰ কৰিছিল আৰু পাছত ভাৰতে জ্যেষ্ঠ কানাডিয়ান কূটনীতিবিদজনক ৫দিনৰ ভিতৰত দেশ ত্যাগ কৰিবলৈ নিৰ্দেশ দিছিল।