‘‘আঙুলি মূৰত হিচাপ কৰি ৰাখক, মাত্ৰ চাৰি দিন ৷ চাৰিদিনৰ ভিতৰত বিজেপিত যোগ দিব কংগ্ৰেছী নেতাই৷’’ – সংবাদ মাধ্যমৰ সন্মুখত এই মন্তব্য ডিব্ৰুগড়়ৰ বিধায়ক প্ৰশান্ত ফুকনে৷
যিসময়ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বাৰম্বাৰ কংগ্ৰেছত আন দলৰ বহু নেতা যোগ দিব বুলি মন্তব্য কৰি আহিছে, তেনে সময়ত বিজেপি বিধায়কে কৰা এনে মন্তব্যই স্বাভাৱিকতে বহু প্ৰশ্নৰ সৃষ্টি কৰিছে ৷
ইপিনে মন্ত্ৰী পীযূষ হাজৰিকাৰ আন এক মন্তব্যক লৈও আৰম্ভ হৈছে চৰ্চা।মন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছৰ পৰা গগৈ, গোস্বামী আৰু বৰদলৈ উপাধি তিনিগৰাকীয়ে বিজেপিত অহাৰ যোগাযোগ স্থাপন কৰিছে৷ কিন্তু তেওঁলোকৰ এটাই চৰ্ত মানিব লাগিব৷ সেয়া হল দলত টিকট দিব লাগিব৷ কিন্তু এই সময়ত বিজেপিত টিকট প্ৰদান কৰাৰ কোনো স্থান নাই৷ সেয়ে যোগদান হোৱা নাই বুলি মন্তব্য পীয়ূষ হাজৰিকাৰ ৷
বিজেপিৰ বাহিৰে যদি কোনো আন দলৰ নেতাই যোগ দিয়ে সেয়া নাজানো বুলিও মন্তব্য কৰে পীযূষ হাজৰিকাই ৷ কিন্তু কোনো কাৰণত বিজেপিৰ পৰা মানুহ কংগ্ৰেছত নাযায়৷এতিয়া প্ৰশ্ন হৈছে কোন সেই গগৈ, গোস্বামী, বৰদলৈ? কংগ্ৰেছৰ নেতৃত্বত থকা তিনি নেতৃত্বৰ বিষয়ে আকাৰে ইংগিতে এই কথা প্ৰকাশ কৰিছে নেকি সেয়া এক প্ৰশ্ন!