আইনী মেৰপাছত সোমাই পৰিছে জনপ্ৰিয় কণ্ঠশিল্পী কল্পনা পাটোৱাৰী।জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীৰ বিৰুদ্ধে দিছপুৰ থানাত ২০ কোটি টকাৰ মানহানিৰ গোচৰ। পত্নী হত্যাৰ অপবাদ দিয়াৰ অভিযোগত কল্পনা আৰু পৰিয়ালৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ ভনী জোঁৱায়েক পাৰ্থপ্ৰতিম মহন্তৰ।
২০১৯ চনত বেংগালুৰুত মৃত্যু হৈছিল কল্পনা পাটোৱাৰীৰ ভগ্নী কাকলি মহন্তৰ। কাকলিৰ মৃত্যুত ৰহস্যৰ গোন্ধ পাইছিল কল্পনা পাটোৱাৰীসহ পৰিয়ালৰ লোকে। যাৰ পাছতেই পত্নী কাকলিক হত্যা কৰাৰ অভিযোগত আদালতৰ কাঠগড়াত ঠিয় হৈছিল স্বামী পাৰ্থপ্ৰতিম মহন্ত।
কণমানি কন্যাকো পাৰ্থ প্ৰতিম মহন্তই নিৰ্যাতন চলোৱাৰ অভিযোগ আনিছিল কল্পনা পাটোৱাৰীৰ লগতে পৰিয়ালৰ লোকে। আদালত আৰু শিশু সুৰক্ষা সমিতিৰ নিৰ্দেশত কন্যাৰ দায়িত্ব লৈছিল কল্পনা পাটোৱাৰীৰ পৰিয়ালে।
কিন্তু শেহতীয়াকৈ চিকিৎসকৰ তথ্যত পোহৰলৈ আহিছে কাকলিৰ মৃত্যুৰ প্ৰকৃত কাৰণ।দৰাচলতে হৃদৰোগত আক্ৰান্ত হৈ কাকলি মহন্তৰ মৃত্যু হৈছিল। বেংগালুৰুৰ চিকিৎসকৰ ৰিপোৰ্ট হাতত পৰা মাত্ৰকে পত্নীক হত্যা কৰাৰ অপবাদ জাপি দিব খোজা কল্পনা পাটোৱাৰীৰ লগতে পৰিয়ালৰ বিৰুদ্ধে আইনী যুঁজ চলোৱাৰ সিদ্ধান্ত লৈছে পাৰ্থ প্ৰতিম মহন্তই।
যাৰ পাছতেই কল্পনা পাটোৱাৰী, কল্পনাৰ স্বামী পাৰভেজ খান আৰু মাতৃৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে পাৰ্থ প্ৰতিম মহন্তই। লগতে তিনিওৰে বিৰুদ্ধে ২০ কোটি টকাৰ মানহানি গোচৰৰ বাবে আবেদন জনাইছে পাৰ্থপ্ৰতিম মহন্তই।