পুৰুষতান্ত্ৰিক ব্যৱস্থাৰ ভয়ংকৰ ঘটনা।একবিংশ শতিকাতো নিৰাপত্তা নাই মহিলাৰ। আনকি ঘৰতো সুৰক্ষিত নহয় এগৰাকী বিবাহিতা নাৰী।
শহুৰেকৰ ধৰ্ষণৰ বলি হোৱা মহিলাক স্বামীয়ে ঘৰৰ পৰা খেদি দিয়া ঘটনা পোহৰলৈ অহাৰ পাছতে মহিলাৰ নিৰাপত্তাক লৈ উত্থাপন হৈছে প্ৰশ্ন।ঘটনাটো উত্তৰ প্ৰদেশৰ মুজফৰনগৰৰ। মাতৃক চিকিৎসাৰ বাবে কবিৰাজক দেখুৱাবলৈ নিছিল স্বামীয়ে। ঘৰত শহুৰেকৰ সৈতে আছিল ৭ মাহৰ গৰ্ভৱতী বোৱাৰীয়েক।
ঘৰত অকলে পাই গৰ্ভৱতী বোৱাৰীয়েককে ধৰ্ষণ কৰিলে পিশাচ শহুৰেকে। এই কথা কাৰোবাক ক’লে পৰিণতি ভয়ংকৰ হ’ব বুলিও ভাবুকি দিলে পিশাচটোৱে। কিন্তু শহুৰেকৰ ভাবুকিত ভয় নাখালে মহিলাগৰাকীয়ে। স্বামী ঘৰ পোৱাৰ পাছতে শহুৰেকৰ কাণ্ড কাৰখানা পুংখানুপুংখকৈ বৰ্ণনা কৰিলে স্বামীক। পাছে মহিলাৰ কথা শুনি ৰূদ্ৰমূৰ্তি ধৰিলে স্বামীয়ে।পত্নীক সহায় কিম্বা দেউতাকক ককৰ্থনা কৰাৰ বিপৰীতে “দেউতাই ধৰ্ষণ কৰাৰ পাছত তই আৰু মোৰ পত্নী হৈ থকা নাই।
এতিয়াৰে পৰা তই মোৰ মাতৃ”, এইবুলি যুৱকে চুলিত ধৰি চোঁচৰাই ঘৰৰ পৰা উলিয়াই দিলে পত্নীক। আনকি পুত্ৰৰ দৰে ধৰ্ষণকাৰী পিতৃয়েও মাৰধৰ কৰি খেদি পঠালে মহিলাক। উপায় নাপাই পিতৃগৃহত আশ্ৰয় ল’লে ভুক্তভোগী মহিলাগৰাকীয়ে।
৭ ছেপ্তেম্বৰত আৰক্ষীৰ কাষ চাপিল মহিলা। ভুক্তভোগীৰ এজাহাৰৰ আধাৰত ইতিমধ্যে উত্তৰ প্ৰদেশ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৬/৩২৩/৫০৬ ধাৰাত অভিযুক্ত শহুৰ আৰু স্বামীৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ। লগতে আদালতত CrPCৰ ১৬৪ ধাৰাত লিপিবদ্ধ কৰিছে ভুক্তভোগী মহিলাৰ ভাষ্য।