উন্নয়নৰ স্ৱাৰ্থত চাহ জনগোষ্ঠীৰ ৰাইজে আদৰি লৈছে বিজেপিক

ভাৰতীয় জনতা পাৰ্টিৰ নীতি-আদৰ্শৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ উন্নয়নমূলক পদক্ষেপৰ প্ৰতি আকৃষ্ট হৈ আৰু চাহ জনগোষ্ঠীৰ ৰাইজৰ সৰ্বাংগীন বিকাশৰ স্বাৰ্থত অসম চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি তথা টি বৰ্ড অৱ ইণ্ডিয়াৰ সদস্য নবীন চন্দ্ৰ কেওট, অসম চাহ মজদুৰ সংঘ,ডিব্ৰুগড় জিলাৰ সভাপতি তাৰো ধানোৱাৰ,উপ-সভাপতিদ্বয় পুতুল গোসাইট,বিশাল তাঁতী,নাওবৈছাৰ বিশিষ্ট সমাজকৰ্মী ৰাও গজেন্দ্ৰ সিং,লখিমপুৰ জিলাৰ আটছাৰ সাংগঠনিক সম্পাদক বীৰেন্দ্ৰ সিঙৰ লগতে কংগ্ৰেছৰ কেইবাজনো সক্ৰিয় কৰ্মীয়ে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে। উক্ত অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, ভাজপাৰ ৰাষ্ট্ৰীয় সম্পাদক কামাখ্যা প্ৰসাদ তাছা,সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু,সাংসদ পল্লৱলোচন দাস,মন্ত্ৰী সঞ্জয় কৃষান আৰু বিমল বৰা, বিধায়ক ৰুপেশ গোৱালা। অনুষ্ঠানৰ আৰম্ভণীতে ভাষণত কামাখ্যা প্ৰসাদ তাছাই কয়, ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ দিনত দেশত অভুতপুৰ্ব উন্নয়ন হৈছে।দেশৰ জনসাধাৰণে এই উন্নয়ন প্ৰত্যক্ষ কৰি জনতা পাৰ্টীক অন্তৰেৰে আদৰি লৈছে।ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয়, ভাৰতীয় জনতা পাৰ্টী নিৰন্তৰে ৰাষ্ট্ৰ তথা সমাজ সেৱাত ব্ৰতী থকা এটা ৰাজনৈতিক দল। প্ৰতিষ্ঠাকলৰেপৰা বিজেপি দলৰ নিষ্ঠাবান কাৰ্যকৰ্তাই ৰাষ্ট্ৰ নিৰ্মাণৰ হকে সততাৰে কাম কৰি আহিছে। ৰাষ্ট্ৰ নিৰ্মাণৰ মহান কাৰ্যত ব্ৰতী হবলৈ বিজেপি দলত যোগদান কৰা প্ৰতিজন সন্মানীয় ব্যক্তিক উষ্ম আদৰণি জনাইছো। ৰাজ্যিক সভাপতি গৰাকীয়ে কয়, ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকালত চাহ জনগোষ্ঠীৰ জনসাধাৰণে বিশেষ গতি লাভ কৰিছে। চাহ বাগিচাৰ লাইনৰ ৰাষ্টা পকীকৰণ হৈছে,ঘৰে ঘৰে শৌচাগাৰ নিৰ্মাণ হৈছে, হিতাধীকাৰীয়ে বেংক একাউণ্টত পোনপটীয়াকৈ বিভিন্ন সাহাৰ্যৰ ধন লাভ কৰিছে, ঘৰে ঘৰে ৰন্ধন গেছ যোগান আৰু বিশুদ্ধ খোৱাপানী সংযোগ হৈছে, চাহ শ্ৰমিক ৰাইজে পকী ঘৰ লাভ কৰিছে, প্ৰত্যেক ঘৰ চাহ শ্ৰমিকে ৰেচন কাৰ্ড লাভ কৰিছে,আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত ৫লাখ টকাৰ চিকি্তসাৰ বাবে সহায়ৰ নিশ্চিত লাভ কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে অসমৰ লাখ লাখ চাহ জনজাতীয় লোকে দীৰ্ঘদিন ধৰি ভুগি অহা সমস্যাসমুহ দৃঢ়তাৰে সমাধান কৰিছে। মুখ্যমন্ত্ৰীৰ বলিষ্ঠ নেতৃত্বৰ বাবে চাহ শ্ৰমিক সকলৰ মজুৰি বৃদ্ধি পোৱাৰ লগতে শিক্ষাৰ্থী সকলৰ বাবে মেডিকেল,ইঞ্জিনীয়াৰিঙত আসন সংৰক্ষণৰ ব্যবস্থা কৰাৰ লগতে চাহ জনজাতিৰ বাবে তিনি শতাংশ চাকৰি সংৰক্ষণৰ ব্যবস্থা কৰিছে।

Comments (0)
Add Comment