অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী তথা শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰীকাই আজি তেজপুৰস্থিত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত ভূমি উপদেষ্টা সমিতিৰ এখন বৈঠক সম্বোধন কৰে |
মিচ্যন বসুন্ধৰা ২.০ ৰ অধীনত ভূমি সংক্ৰান্তীয় সমস্যাসমূহ সমাধানৰ বাবে ৰাজ্য চৰকাৰৰ উদ্যোগত বিভাগীয় কাম অব্যাহত আছে | আজিৰ সভাখনত ১৫২৫ জন ভূমিহীন আবেদনকাৰীক ভূমি আবণ্টন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় |
সভাখনত মন্ত্ৰী হাজৰীকাই সকলোকে উদ্দেশ্যি কয় যে মিচ্যন বসুন্ধৰা ২.০ ৰ অধীনত পাব নলগা কোনো ব্যক্তিয়ে যাতে মাটি লাভ কৰিব নোৱাৰে তাৰ প্ৰতি চোকা দৃষ্টি ৰাখিব লাগে | তদুপৰি ট্ৰাইবেল বেল্টত যাতে নীতি বহিৰ্ভূতভাৱে বাহিৰা মানুহে মাটিৰ আবন্টন লাভ কৰিব নোৱাৰে তাৰ প্ৰতিও সংশ্লিষ্ট সকলোকে সজাগ হৈ কাম কৰিবলৈ মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে |
সাংবাদিকক উদ্দেশ্যি মন্ত্ৰী গৰাকীয়ে কয় যে বহুতো পৰীক্ষা নিৰীক্ষা কৰাৰ অন্তত আজিৰ সভাত ১৫২৫ গৰাকী যোগ্য আবেদনকাৰীক মাটিৰ আবন্টন দিয়া হয় |
আনহাতে তেজপুৰ বিশ্ববিদ্যালয়ে ভূমি বিচৰা সন্দৰ্ভত মন্ত্ৰীগৰাকীক সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে বিশ্ববিদ্যালয়খনে প্ৰশাসনৰ পৰা প্ৰায় ২৪০ একৰ ভূমি বিচাৰিছে | ইতিমধ্যে চৰকাৰে ১০০ বিঘা ভূমি আবন্টন দিয়াৰ বিপৰীতে আন ৫০ বিঘা চৰকাৰী মাটি আবন্টনৰ বাবে সাজু আছে | বাকী ভূমি অধিগ্ৰহণ কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা কৰা হ’ব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে এই বিষয়ে মুখ্যমন্ত্ৰী মহোদয়ক অৱগত কৰা হ’ব বুলি মন্তব্য কৰে |