ৰাজ্যত অব্যাহত আছে নেৰানেপেৰা বৰষুণ।গুৱাহাটী মহানগৰীৰ ঠায়ে ঠায়ে কৃত্ৰিম বান। তাৰ মাজতে পুনৰ বতৰ বিজ্ঞান কেন্দ্ৰই বহুকেইখন জিলাত জাৰি কৰিলে ৰেড এলাৰ্ট, কেইবাখনো জিলাত জাৰি কৰা হৈছে অ’ৰেঞ্জ আৰু ইয়েল’ এলাৰ্ট।
ৰাজ্যৰ বহুকেইখন জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই ৰেড এলাৰ্ট জাৰি কৰিছে। আজিৰে পৰা অহা ৯ অক্টোবৰলৈ অসমৰ বিভিন্ন স্থানত নেৰানেপেৰা বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে।বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ৰেড এলাৰ্ট জাৰি কৰা জিলা সমূহৰ ভিতৰত দক্ষিণ শালমাৰা, ধুবীৰ, কোকৰাঝাৰ, বঙাইগাঁও আৰু চিৰাং জিলা।
এইসমূহ জিলাত আজিৰ লগতে কাইলৈ অৰ্থাৎ ৬ অক্টোবৰতো ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।ঠিক তেনেদৰে আজি আৰু কাইলৈ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই গোৱালপাৰা, বৰপেটা আৰু বাক্সা জিলাত অ’ৰেঞ্জ এলাৰ্ট জাৰি কৰে।
৬ৰ পৰা ৭ অক্টোবৰলৈ কোকৰাঝাৰ, ধুবুৰী, চিৰাং, দক্ষিণ শালমাৰা, বৰপেটা আৰু বাক্সা জিলাত জাৰি কৰিছে অ’ৰেঞ্জ এলাৰ্ট। আগজাননী অনুসৰি, ৰাজ্যৰ কিছু কিছু স্থানত আজিৰে পৰা অহা ৭ অক্টোবৰলৈ বিজুলী ধেৰেকনিৰ লগতে ধাৰাসাৰ বৰষুণ অহাৰ সম্ভৱনা আছে।
অহা ৮ আৰু ৯ অক্টোবৰত ৰাজ্যৰ বিভিন্ন স্থানত হ’ব মজলীয়া বৰষুণ। সাগৰপৃষ্ঠৰ পৰা ৭.৬ কিলোমিটাৰ গতিবেগত উৎপত্তি হোৱা ধুমুহাৰ ফলত উত্তৰ–পূৰ্বাঞ্চলৰ ৰাজ্যৰ লগতে অসমত বৰষুণৰ প্ৰভাৱ পৰা বুলি জানিবলৈ দিয়ে বতৰ বিজ্ঞান কেন্দ্ৰই।