টাই আহোম যুৱ পৰিষদ অসম (টাইপা)ৰ সপ্তম কেন্দ্ৰীয় গোলাঘাট অধিৱেশন আৰু টাই আহোম সমাৰোহত মন্ত্ৰী পীযুষ হাজৰীকা

অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি গোলাঘাটত অনুষ্ঠিত টাই আহোম যুৱ পৰিষদ অসম (টাইপা)ৰ সপ্তম কেন্দ্ৰীয় অধিৱেশন আৰু টাই আহোম সমাৰোহৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ।

গোলাঘাট জিলা সমিতিৰ আতিথ্যত আয়োজিত কেন্দ্রীয় অধিৱেশনখনৰ মুকলি সভাত বক্তব্য প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে আহোম সকলৰ সমৃদ্ধ ইতিহাসক স্মৰণ কৰে । স্বৰ্গদেউ চাওল্যুং চ্যুকাফাই সাত ৰাজ সামৰি এক ৰাজ কৰি বৰ অসমৰ ভেঁটি গঢ়িছিল বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে আহোমসকলৰ শৌৰ্য-বীৰ্যৰ কাহিনী ৰোমন্থন কৰে ।

আহোম সেনানায়ক লাচিত বৰফুকনৰ নেতৃত্বত অসমীয়া সেনাই ঐতিহাসিক শৰাইঘাটৰ যুদ্ধত পৰাক্ৰমী মোগলসকলক পৰাস্ত নকৰাহ’লে বৰ্তমানৰ উত্তৰ পূৱ ভাৰতৰ লগতে হয়তো সমগ্ৰ দক্ষিণ পূৱ এচিয়াৰে ৰাজনৈতিক মানচিত্ৰ সলনি পৰিলেহেঁতেন বুলি মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে ।

ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে আহোমসকলৰ নেতৃত্বক তথা সাহস-পৰাক্ৰম, সুশাসনক অধিক প্ৰাণৱন্ত আৰু ভাৰতীয় প্ৰেক্ষাপটত প্রোজ্জ্বল কৰি ৰখাৰ বাবে সময়ে সময়ে দূৰদৰ্শী পদক্ষেপ গ্ৰহণ কৰি আহিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী ৰাষ্ট্ৰীয় পৰ্যায়ত উদযাপন কৰা বুলি মন্তব্য প্ৰদান কৰে ।

আনহাতে ঐতিহাসিক আলাবৈ যুদ্ধ স্মাৰক আৰু লাচিত বৰফুকনৰ মৈদামস্থলীত বীৰগৰাকীৰ সুউচ্চ প্ৰতিমূৰ্তি নিৰ্মাণৰ কাম চলি থকাৰ কথাও মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে । আজিৰ অনুষ্ঠানত অনান্যসকলৰ লগতে ৰাজ্য চৰকাৰৰ দুগৰাকী জ্যেষ্ঠ মন্ত্ৰী অতুল বৰা আৰু যোগেন মহনো উপস্থিত আছিল ।

assamenews ne assamenewsne
Comments (0)
Add Comment