শিক্ষা বিভাগৰ বিভিন্ন সঞ্চালকালয়ৰ অধীনত ৩১৮ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ

শিক্ষা বিভাগৰ বিভিন্ন সঞ্চালকালয়ৰ অধীনত ৩১৮ গৰাকী প্ৰাৰ্থীলৈ নিযুক্তি পত্ৰ বিতৰণ।

প্ৰতিগৰাকী নিযুক্তিপ্ৰাপ্ত প্ৰাৰ্থীয়ে দেশ আৰু জাতিৰ বাবে সেৱাৰ মনোভাৱ আৰু নিষ্ঠাৰে কৰ্মত আত্মনিয়োগ কৰিবলৈ আহ্বান শিক্ষামন্ত্ৰীৰ

দিছপুৰ ০৭ অক্টোবৰ, ২০২৩ :- মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ এক লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি পুৰণৰ এক সবল খোজ হিচাপে আজি অসম চৰকাৰৰ শিক্ষা বিভাগৰ অধীনষ্ঠ বিভিন্ন সঞ্চালকালয়ৰ অধীনত মাছখোৱা প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত এক অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ দ্বাৰা ৩১৮ গৰাকী প্ৰাৰ্থীক আনুষ্ঠানিকভাৱে নিযুক্তিপত্ৰ প্ৰদান কৰা হয়। এই অনুসৰি উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনত ২৭ গৰাকী সহাকাৰী অধ্যাপক, প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ ২৪১ গৰাকী শিক্ষক (দিব্যাংগ) আৰু এচ.চি.ই.আৰ.টিৰ অধীনত ৫০ গৰাকী প্ৰৱক্তাক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানত মুখ্য অতিথিৰ ভাষণত শিক্ষামন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাইজক দিয়া প্ৰতিশ্ৰুতি অনুসৰি বৰ্তমান চৰকাৰ খনৰ তিনিটা বছৰ সম্পূৰ্ণ হোৱাৰ প্ৰাক্-ক্ষনতে এক লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশে অগ্ৰসৰ হৈছে। তেওঁ লগতে উল্লেখ কৰে যে বৰ্তমান চৰকাৰৰ কাৰ্য্যকালৰ অধীনত আজিৰ নিযুক্তিক সামৰি সৰ্বমুঠ শিক্ষা বিভাগত অকলে ৩০৮৫৩ গৰাকী প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰা হৈছে। মন্ত্ৰী গৰাকীয়ে লগতে উল্লেখ কৰে আৰু কিছুদিনৰ ভিতৰতে বিভাগে ১৩০০০ নতুন পদৰ বিজ্ঞাপন প্ৰকাশ কৰিব। কিন্তু এই ক্ষেত্ৰত আগৰ নিয়মাবলীতকৈ নিযুক্তিৰ ক্ষেত্ৰত বিশেষকৈ উচ্চ আৰু উচ্চতৰ মাধ্যমিকত কিছু সালসলনি কৰি খালি পদ অনুযায়ী TET cum Recruitment Test পতা হ’ব। ইয়াৰ উপৰিও তেওঁ উল্লেখ কৰে যে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকত শিক্ষক নিযুক্তিৰ মুল্যায়নৰ ক্ষেত্ৰত উচ্চতৰ মাধ্যমিকৰ নম্বৰৰ ভিট্টিত ৫ শতাংশ, ডি.এল.এডৰ পৰা ৫ শতাংশ, টেটৰ নম্বৰৰ পৰা ৮০ শতাংশ আৰু স্নাতকৰ পৰা ১০ শতাংশ নম্বৰ প্ৰদান কৰা হ’ব। মন্ত্ৰী গৰাকীয়ে আন এক প্ৰসংগত উল্লেখ কৰে যে শিক্ষা সেতু এপ অকল শিক্ষকৰ উপস্থিতি লোৱা মাধ্যম নহয় ইয়াৰ জৰিয়তে নখ দৰ্পনত বিভাগে প্ৰতি গৰাকী ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীৰ ডাটা মজুত ৰখাৰ লগতে সমগ্ৰ শৈক্ষিক পৰিবেশটোৰ প্ৰতিদিনে এক প্ৰতিচ্ছবি বিভাগে লাভ কৰিব পাৰিব। ইয়াৰ উপৰিও এই এপৰ জৰিয়তে শিক্ষক-শিক্ষয়িত্ৰী সকলে ছুটিৰ আবেদনকে প্ৰমুখ্য কৰি আন আন সুবিধাৰ বাবে বিভাগে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে। তেওঁ সকলোকে এই মাধ্যমত সহযোগ কৰাৰ বাবে আহ্বান জনায়। আজিৰ এই অনুষ্ঠানত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিব পুলক পাটগিৰী, চেবাৰ সচিব নৰনাৰায়ণ নাথ, প্ৰাথমিক শিক্ষা সঞালকালয়ৰ সঞ্চালিকা সুৰঞ্জনা সেনাপতি, এচ.চি.আৰ.টিৰ সঞ্চালিকা ড০ নিৰদা দেৱী প্ৰমুখ্যে শিক্ষা বিভাগৰ বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে।

Comments (0)
Add Comment