দেশত পুনৰ সংঘটিত হৈছে ৰে’ল দুৰ্ঘটনা। বিহাৰৰ ৰঘুনাথপুৰত বুধবাৰে নিশা প্ৰায় ৯-৩৫ বজাত গুৱাহাটী অভিমুখী নৰ্থ-ইষ্ট এক্সপ্ৰেছ নামৰ ৰে’লখন দুৰ্ঘটনাত পতিত হয়।অসমলৈ আহি থকা ১২৫০৬ নম্বৰ নৰ্থ ইষ্ট এক্সপ্ৰেছ ৰে’লখন ডাউন লাইনত গৈ থাকোতে লাইনচ্যুত হৈ পৰে। বিহাৰৰ বক্সৰ জিলাস্থিত ৰঘুনাথপুৰ ৰে’লৱে ষ্টেচনৰ সমীপত সংঘটিত এই দুৰ্ঘটনাত ৰে’লখনৰ ১৫টা দবা লাইনচ্যুত হয় আৰু ৬টাকৈ দবা বাগৰি পৰে।
এই দুৰ্ঘটনাৰ পিছতেই ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষী–প্ৰশাসন তথা SDMৰ দলে উদ্ধাৰ অভিযান চলায়। পাটনাস্থিত বিহাৰৰ সৰ্ববৃহৎ হাস্পতাল PMCHৰ লগতে পাটনাৰ কেইবাখনো হাস্পতালক এলাৰ্ট কৰা হয় আৰু চিকিৎসকসকলক কৰ্তব্যত উপস্থিত থকাৰো নিৰ্দেশ দিয়া হয়। পাটনাৰ পৰা ডজনৰো অধিক এম্বুলেঞ্চ ঘটনাস্থলীত উপস্থিত হৈ আহতসকলক চিকিৎসালয়লৈ নিয়ে। ইতিমধ্যে গুৰুতৰভাৱে আহত শতাধিক লোকক পাটনাৰ হাস্পতালত, আৰাৰিয়া, AIIMSত ভৰ্তি কৰোৱা হৈছে। উদ্ধাৰকাৰী দলে পুৱতি নিশালৈ লাইনচ্যুত হোৱা ডবাৰ ভিতৰত আৱদ্ধ হৈ থকা যাত্ৰীসকলৰ উদ্ধাৰ সম্পূৰ্ণ কৰিছে।