অহা ১৪ অক্টোবৰত হ’ব বছৰটোৰ অন্তিমটো সূৰ্যগ্ৰহণ । অদ্ভূত সংযোগ ঘটিব এই সূৰ্যগ্ৰহণত।
তিনিটা ৰাশিৰ জাতক-জাতিকাৰ বাবে এই সূৰ্যগ্ৰহণ শুভ বুলি উল্লেখ কৰিছে জ্যোতিষী সকলে। এই ৰাশিৰ জাতক-জাতিকাৰ ধন, উন্নতি, পদবীক শুভ হ’ব সূৰ্যগ্ৰহণ । মিথুন ৰাশি, তুলা ৰাশি, মকৰ ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ হ’ব বুলি জ্যোতিষীৰ মত।
২০২৩ চনৰ অন্তিমটো সূৰ্যগ্ৰহণ হ’ব ১৪ অক্টোবৰত ।
বৈদিক জ্যোতিষৰ মতে বছৰৰ দ্বিতীয় আৰু শেষ সূৰ্যগ্ৰহণ ১৪ অক্টোবৰত পিতৃ পক্ষৰ শেষত সংঘটিত হ’ব। ইয়াৰ বাহিৰেও সূৰ্যগ্ৰহণৰ পিছদিনা আৰম্ভ হ’ব শাৰদীয় নৱৰাত্ৰি। জ্যোতিষৰ মতে এই ধৰণৰ কাকতলীয়া সংযোগ বহু বছৰৰ পাছত ঘটিছে।
উল্লেখ্য যে ১৪ অক্টোবৰত যেতিয়া সূৰ্যগ্ৰহণ হ’ব, সেইদিনা সৰ্বপিতৃ অমৱস্যও হ’ব। এই কাৰণে সৰ্বপিতৃ অমৱস্যাৰ দিনা সংঘটিত হোৱা সূৰ্যগ্ৰহণক অতি বিশেষ বুলি গণ্য কৰা হয়। ইয়াৰ বাহিৰেও সূৰ্যগ্ৰহণৰ সময়ত কন্যা ৰাশিত সূৰ্য্য আৰু বুধ দুয়োটা গ্ৰহ উপস্থিত থাকিব। এইদৰে সূৰ্যগ্ৰহণৰ সময়ত সূৰ্য্য আৰু বুধৰ সংগমৰ ফলত বুঢ়াদিত্য যোগৰ সৃষ্টি হৈছে।