TET পৰীক্ষা আৰু শিক্ষকসকলৰ বাবে ডাঙৰ ঘোষণা শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ

ৰাজ্যত টেট পৰীক্ষাক লৈ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ বৃহৎ ঘোষণা। ৰাজ্যত দুবছৰলৈ অনুষ্ঠিত নহয় টেট পৰীক্ষা। LP আৰু UP শিক্ষকৰ বাবে বাধ্যতামূলক হ’ব টেট পৰীক্ষা। বছৰত দুবাৰকৈ C TET অনুষ্ঠিত কৰাৰ পিছত ৰাজ্য চৰকাৰে পুনৰ TET পাতিলে ছাত্ৰ–ছাত্ৰীৰ বাবে বোজা হয়। সৰভোগত এই মন্তব্য কৰিলে ৰণোজ পেগুৱে।

সৰভোগৰত খেল মহাৰণৰ সৰভোগ সমষ্টি পৰ্যায়ৰ খেল মহাৰণৰ প্ৰস্তুতি সভাত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে কয় যে  LP আৰু UP ৰ কাৰণে টেট বাধ্যতামূলক হ’ব৷ টেট লাগিবই। ৰাজ্যত বছৰত দুবাৰকৈ C TET অনুষ্ঠিত কৰা হয়। কেন্দ্ৰীয় চৰকাৰে প্ৰতি বছৰে দুবাৰকৈ C TET পাতে।

কেন্দ্ৰীয় চৰকাৰে দুবাৰকৈ চি টেট পতাৰ পাছত ৰাজ্য চৰকাৰে সুকীয়াকৈ টেট পৰীক্ষা পাতিলে প্ৰাৰ্থী সকলৰ কাৰণে বোজা হয় আৰু খৰচো বাঢ়ি যায়। সেয়ে অসমৰ পৰা ASSAM TET পৰীক্ষাত উত্তীৰ্ণ হোৱাসকলৰ পৰা আৰু চি টেট উত্তীৰ্ণ হোৱা সকলৰ পৰাও প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰা হ’ব। আগন্তুক দুবছৰৰ কাৰণে ৰাজ্যত টেট পৰীক্ষা স্থগিত ৰখাৰ কথা ঘোষণা কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷

আনহাতে বিটিচিৰ নিযুক্তি প্ৰক্ৰিয়াটো সম্পূৰ্ণ বেলেগ বুলি উল্লেখ কৰি বিটিচিৰ বিশেষ টেট পৰীক্ষা ইতিমধ্যে লোৱা হৈছে বুলি উল্লেখ কৰি মন্ত্ৰী ৰণোজ পেগুৱে কয় ছিক্স চিডিউল এৰিয়াৰ বাহিৰত দুটা ভাষাত C TET অনুষ্ঠিত কৰা নহয় ৷ তাৰে এটা হ’ল বড়ো ভাষা আনটো হ’ল মাৰ ভাষা। সেয়ে ছিক্স চিডিউল এৰিয়াৰ বাহিৰত বড়ো ভাষা আৰু মাৰ ভাষাৰ কাৰণে টেট পৰীক্ষা অতি সোনকালে অনুষ্ঠিত কৰিব৷

Best news portal in Assambest news portal in assam top news channel assam best web portal in assam online news assam latest news assambest web portal in assamenewsne
Comments (0)
Add Comment