দুৰ্গা পূজা উপলক্ষে ৰাজ্য চৰকাৰৰ মহানগৰবাসীলৈ বিশেষ উপহাৰ

দুৰ্গা পূজা উপলক্ষে ৰাজ্য চৰকাৰৰ মহানগৰবাসীলৈ বিশেষ উপহাৰ। ১৮ অক্টোবৰত মহাপঞ্চমীৰ দিনা মুকলি কৰা হ’ব নৱনিৰ্মিত জু-ৰোডৰ উৰণ সেতু। উক্ত দিনা সন্ধিয়া ৫.৩০ বজাত উৰণ সেঁতুখন মুকলি কৰা হ’ব। শনিবাৰে নিশা নিৰ্মিয়মাম উৰণ সেতুখন পৰিদৰ্শন কৰি এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নৱ- নিৰ্মিত নিৰ্মিত উৰণসেতুখন পৰিদৰ্শন কৰি যান-জঁটৰ সমস্যাৰে জৰ্জৰিত মহানগৰবাসীক এই উৰণ সেঁতু খনে আগন্তুক ২০ বছৰলৈ সকাহ দিব বুলি কয়।লগতে উৰণ সেঁতুখন শ্ৰদ্ধাঞ্জলী কাননৰ সন্মুখত নিৰ্মাণ হোৱা বাবে সেতুখন ‘শ্ৰদ্ধাঞ্জলী সেঁতু’ নামেৰে নামাকৰণ কৰা হ’ব বুলিও জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে।

ইয়াৰ উপৰিও সাংবাদিকে মুখ্যমন্ত্ৰীগৰাকীক মেট্ৰ’ৰেল সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে জনাই যে, বৰ্তমান গুৱাহাটী মেট্ৰ’ৰেল নিৰ্মাণৰ বাবে উপযোগী নহয়। ভৱিষ্যতে ৰিং-ৰোড হ’লে এই সন্দৰ্ভত চিন্ত কৰা হ’ব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

প্ৰায় ৩০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে ৩টা লেনযুক্ত এই ২.৩ কিলোমিটাৰ দৈৰ্ঘৰ উৰণ সেঁতুখন। ২০২২ চনৰ ১ ফ্ৰেব্ৰুৱাৰীত আধাৰশিলা স্থাপন কৰা এই নৱনিৰ্মিত সেতু খনৰ প্ৰায় ৯৫ শতাংশতকৈয়ো অধিক কাম সম্পূৰ্ণ হৈ উঠিছে।

Comments (0)
Add Comment