পুৰণি আলিগড় চহৰত বাস কৰা এটা মুছলমান পৰিয়ালে নৱৰাত্ৰি উপলক্ষে নিজ বাসগৃহত স্থাপন কৰিছে মা দুৰ্গাৰ প্ৰতিমা ।
এই সময়ছোৱাত মুছলমান পৰিয়ালে সনাতন ধৰ্ম অনুযায়ী মা দুৰ্গাক পূজা কৰি দুৰ্গা পাঠ আৰু আৰতি কৰাৰ লগতে নৱৰাত্ৰিৰ ব্ৰতো পালন কৰিছিল।
নৱৰাত্ৰিৰ সন্দৰ্ভত পৰিয়ালটোৱে উল্লেখ কৰিছে যে তেওঁলোকে হিন্দু আৰু মুছলমান উভয় ধৰ্ম পালন কৰি দেশৰ সুখ আৰু শান্তিৰ বাবে ভগৱান আৰু আল্লাহ উভয়কে পূজা কৰে। পৰিয়ালৰ সদস্য ৰুবী আছিফ খানে কয় যে যদি কোনোবাই মোক হিন্দু ধৰ্ম পূজা কৰাত বাধা দিয়ে বা ফতোৱা জাৰি কৰে তেন্তে তাৰ প্ৰতি আমি কোনো ভ্ৰুক্ষেপ নকৰো। আমি আল্লাহ আৰু ঈশ্বৰক একেলগেই বিশ্বাস কৰি যাম।
উল্লেখ্য যে পৰিয়ালৰ মুৰব্বী ৰুবী আছিফ খান ভাৰতীয় জনতা পাৰ্টিৰ জয়গঞ্জ মহিলা মৰ্চাৰ মণ্ডল উপ-সভানেত্ৰী। যোৱা বহু বছৰ ধৰি ৰুবী আছিফ খানে গণেশ চতুৰ্থীৰ দিনা গণেশৰ মূৰ্তি স্থাপন কৰাৰ লগতে মা দুৰ্গাৰ মূৰ্তি স্থাপন কৰি নৱৰাত্ৰিৰ সময়তো ব্ৰত পালন কৰে। এই কাৰণেই ৰুবী আছিফ খান বিগত সময়ত বহুবাৰ আক্ৰমণৰ সন্মুখীন হৈছিল।
আনহাতে, তেওঁৰ বিৰুদ্ধে বহু প্ৰবীণ মৌলানাইও ফতোৱা জাৰি কৰিছিল।