নেশ্যনেল ডেস্ক, ১৭অক্টোবৰ : সমলিংগ বিবাহক অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ । সমলিংগ বিবাহক মান্যতা নিদিলে সৰ্বোচ্চ ন্যায়ালয়ে( Key points from Supreme Court verdict) । সমলিংগ বিবাহৰ ক্ষেত্ৰত ৫জনীয়া বিচাৰপীঠৰ এই বিশেষ ৰায় । সমলীংগ বিবাহৰ গোচৰৰ ৰায় প্ৰদান কৰা ৫জনীয়া বিচাৰপীঠত আছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ সঞ্জয় কিষাণ কৌল, ন্যায়াধীশ ৰবীন্দ্ৰ ভাট, ন্যায়াধীশ হিমা কোহলি আৰু ন্যায়াধীশ পি এস নৰসিমহা। মুখ্য ন্যায়াধীশগৰাকীৰ উপৰিও ন্যায়াধীশ সঞ্জয় কিষাণ কৌল, ন্যায়াধীশ ৰবীন্দ্ৰ ভাট আৰু ন্যায়াধীশ পি এন নৰসিমহাই সমলিংগ বিবাহৰ ওপৰত পৃথক পৃথক ৰায় প্ৰদান কৰে(‘Non-heterosexual couples can’t adopt jointly’)।
৩-২ ব্যৱধানত সৰ্বোচ্চ ন্যায়ালয়ে জাৰি কৰিছে এই নিৰ্দেশনা । মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বাধীন বিচাৰপীঠৰ এই ৰায়দান(Same Sex Marriage) ।
উল্লেখ্য যে, ১৮ এপ্ৰিলৰ পৰা সংবিধান বিচাৰপীঠে এই গোচৰৰ শুনানি আৰম্ভ কৰিছিল আৰু প্ৰায় ১০ দিন শুনানি অব্যাহত আছিল । উচ্চতম ন্যায়ালয়ে সমকামী বিবাহক আইনী স্বীকৃতি প্ৰদানৰ দাবীত বিভিন্ন আবেদনৰ বিবেচনা কৰি আছিল(SC strikes down rule restricting queer unmarried couples from adopting children) ।
আজি উচ্চতম ন্যায়ালয়ৰ ৫ জনীয়া বিচাৰপীঠে সমলিংগ বিবাহক আইনী বৈধতা দিবলৈ অস্বীকাৰ কৰে ।
উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে সমলীংগ বিবাহক বৈধতা প্ৰদানৰ বাবে দাখিল কৰা ২১ খন আৱেদনৰ ওপৰত ৰায় প্ৰদান কৰি কয় যে, বিশেষ বিবাহ আইন পৰিৱৰ্তন কৰাটো সংসদৰ কাম। ন্যায়ালয়ে কেৱল আইনৰ ব্যাখ্যা কৰিব পাৰে, আইন তৈয়াৰ কৰিব নোৱাৰে।