নেশ্যনেল ডেস্ক, ১৮অক্টোবৰ : ৫খন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন । এইবছৰতে দেশৰ অনুষ্ঠিত হ’ব ৫ খন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন । এই বছৰতে তেলেংগানা, ছত্তীশগড়, ৰাজস্থান, মধ্য প্ৰদেশ আৰু মিজোৰামত অনুষ্ঠিত হ’ব নিৰ্বাচন(BJP releases first list of candidates) ।
আগন্তুক বিধানসভাৰ নিৰ্বাচনৰ লৈ ইতিমধ্যে শাসক,বিৰোধীয়ে নিৰ্বাচনী প্ৰস্ততি আৰম্ভ কৰিছে(Upcoming election 2023) । ইতিমধ্যে কংগ্ৰেছে দুই ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনৰ বাবে দলৰ প্ৰথমখন প্ৰাৰ্থীৰ নাম প্ৰকাশ কৰিছে( BJP Releases List of 12 Candidates) ।
বুধবাৰে বিজেপিয়ে বিধানসভা নিৰ্বাচনৰ বাবে দলৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে ।
আজি ভাৰতীয় জনতা পাৰ্টিয়ে আগন্তুক মিজোৰাম বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰে। বিজেপিয়ে মিজোৰামত বিধানসভা নিৰ্বাচনৰ বাবে ১২জনীয় প্ৰাৰ্থীৰ নাম ঘোষণা কৰে। এই পদক্ষেপে অঞ্চলটোৰ নিৰ্বাচনী প্ৰক্ৰিয়াত সক্ৰিয়ভাৱে অংশগ্ৰহণৰ প্ৰতি বিজেপিৰ দায়বদ্ধতাক প্ৰদৰ্শন কৰিছে(BJP Releases list of 12 candidates for Mizoram polls)।
উল্লেখ্য যে, উত্তৰ-পূবৰ ৰাজ্যখনত ৭ নৱেম্বৰত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। ৩ ডিচেম্বৰত ভোটগণনা হ’ব।