গৰবাৰ সময়তে হাৰ্ট এটেক! ১৭ বছৰীয়া কিশোৰসহ একেদিনাই ১০ জনৰ মৃত্যু

দেশৰ বিভিন্ন প্ৰান্তত চলি আছে নৱৰাত্ৰি। নৱৰাত্ৰি উৎসৱৰ অন্যতম অংশ গৰবা। বিশেষকৈ গুজৰাটত গৰবা, দাণ্ডিয়া নৃত্যৰ জনপ্ৰিয়তা আছে। জানিব পৰা মতে গুজৰাটত ১৭ বছৰীয়া কিশোৰসহ একেদিনাই ১০ জনৰ মৃত্যু হৈছে। গৰবা নৃত্যৰ সময়ত হৃদযন্ত্ৰ বন্ধ হৈ মৃত্যু হয় এজন ১৭ বছৰীয়া কিশোৰৰ। স্থানীয় সূত্ৰ অনুসৰি বীৰ শ্বাহ নামৰ কিশোৰজনে গুজৰাটৰ কাপাডগঞ্জ খেদা জিলাত সকলোৰে সৈতে গৰবা অনুষ্ঠানত নাচি আছিল। হঠাৎ মূৰ ঘূৰাই কিশোৰজন পৰি যায়। অচেতন হৈ পৰাৰ লগে লগে স্বেচ্ছাসেৱকসকলে তেওঁক চিকিৎসালয়লৈ লৈ যায়।কিশোৰজনক ৩ বাৰ চিপিআৰ দিয়া হৈছিল যদিও কিশোৰজনৰ মৃত্যু হয়।

১৭ বছৰীয়া কিশোৰজনৰ মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে। সেই অঞ্চলত গৰবা অনুষ্ঠানো বন্ধ কৰি দিয়া হয়। মৃত কিশোৰৰ পিতৃ-মাতৃয়ে শোকত ভাগি পৰিছে।


গুজৰাটত গৰবা নৃত্যৰ সময়ত হৃদযন্ত্ৰ বন্ধ হৈ মৃত্যু হয় এজন ১৭ বছৰীয়া কিশোৰৰ। স্থানীয় সূত্ৰ অনুসৰি বীৰ শ্বাহ নামৰ কিশোৰজনে গুজৰাটৰ কাপাডগঞ্জ খেদা জিলাত সকলোৰে সৈতে গৰবা অনুষ্ঠানত নাচি আছিল। হঠাৎ মূৰ ঘূৰাই কিশোৰজন পৰি যায়। অচেতন হৈ পৰাৰ লগে লগে স্বেচ্ছাসেৱকসকলে তেওঁক চিকিৎসালয়লৈ লৈ যায়। তাত তেওঁক ৩ বাৰ চিপিআৰ দিয়া হৈছিল। কিন্তু কাম নহ’ল আৰু কিশোৰজনৰ মৃত্যু হয়।

বিজ্ঞাপন

ইণ্ডিয়া টুডেৰ এক প্ৰতিবেদন অনুসৰি যোৱা ২৪ ঘন্টাত গুজৰাটৰ বিভিন্ন প্ৰান্তৰ পৰা ১০ জন লোকৰ মৃত্যুৰ খবৰ পোহৰলৈ আহিছে। গৰবা কৰি থাকোঁতেই মৃত্যু হৈছে এইসকল লোকৰ। বংগত দুৰ্গা পূজা আকৌ দেশৰ বিভিন্ন প্ৰান্তত চলি আছে নৱৰাত্ৰি। নৱৰাত্ৰি উৎসৱৰ অন্যতম অংশ গৰবা। বিশেষকৈ গুজৰাটত গৰবা, দাণ্ডিয়া নৃত্যৰ জনপ্ৰিয়তা আছে। জানিব পৰা মতে গুজৰাটত কমেও ১০ জন লোকৰ মৃত্যু হৈছে।

You May Like

১৭ বছৰীয়া কিশোৰজনৰ মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে। সেই অঞ্চলত গৰবা অনুষ্ঠানো বন্ধ কৰি দিয়া হয়। মৃত কিশোৰৰ পিতৃ-মাতৃয়ে শোকত ভাগি পৰিছে। উল্লেখযোগ্য যে, যোৱা মাহত গুজৰাটত গৰবাৰ অনুশীলনৰ সময়ত হাৰ্ট এটেকত আক্ৰান্ত হৈ এজন যুৱকৰ মৃত্যু হৈছিল। জামনগৰৰ পেটেল পাৰ্কৰ এখন নৃত্য বিদ্যালয়ত গৰবা অনুশীলন কৰি থকা অৱস্থাত প্ৰাণ হেৰুৱালে বিনীত মেহুলভাই কুঁৱৰিয়াই।

বিজ্ঞাপন

ৰাজ্য চৰকাৰে গৰবা অনুষ্ঠানৰ আশে পাশে থকা চৰকাৰী চিকিৎসালয় আৰু সামূহিক স্বাস্থ্য কেন্দ্ৰসমূহক সজাগ হৈ থাকিবলৈ নিৰ্দেশ দিয়ে। আৰু এই ঘটনাই প্ৰশাসনৰ উদ্বেগ বৃদ্ধি কৰিছে। শুকুৰবাৰে আহমেদাবাদত গৰবা অনুষ্ঠান চলি থকা অৱস্থাতে হঠাতে অজ্ঞান হৈ পৰে এজন ২৪ বছৰীয়া যুৱক। চিকিৎসালয়সমূহে প্ৰথমে দাবী কৰিছিল যে অধিকাংশ লোকৰ মৃত্যু হৈছে হাৰ্ট এটেকৰ বাবে। ইতিমধ্যে এই ঘটনাৰ তদন্ত আৰম্ভ হৈছে।

Comments (0)
Add Comment