উৎসৱৰ বতৰত কেন্দ্ৰৰ এক বৃহৎ ধামাকা, কেন্দ্ৰৰ সিদ্ধান্তত উপকৃত হ’ব লক্ষ লক্ষ জনসাধাৰণ
উৎসৱৰ বতৰত কেন্দ্ৰৰ এক বৃহৎ ধামাকা। গ্ৰাহক আৰু সাধাৰণ মানুহে লাভ কৰিব এটা ডাঙৰ সুখবৰ। কেন্দ্ৰৰ এক জনহিতকাৰী সিদ্ধান্তত উপকৃত হ’ব লক্ষ লক্ষ জনসাধাৰণ।
দেৱালীৰ পূৰ্বেই মোদী চৰকাৰৰ ডাঙৰ ঘোষণা। বিনিয়োগৰ ক্ষেত্ৰত ডাঙৰ উপহাৰ৷ উচ্চবিত্তৰ পৰা নিম্নবিত্তলৈকে বহু লোক এতিয়া প্ৰত্যক্ষভাৱে প্ৰভাৱিত হ’বলৈ গৈ আছে। এটা অতি ডাঙৰ সিদ্ধান্ত লৈছে মোদী চৰকাৰে।
পাঁচ বছৰৰ ম্যদত ডাকঘৰৰ ৰেকাৰিং ডিপজিটৰ ওপৰত সুতৰ হাৰ বৃদ্ধি ।ফলত যিসকলে ডাকঘৰত ৰেকাৰিং কৰিছে তেওঁলোকৰ বাবে ই এক ডাঙৰ খবৰ।
পাঁচ বছৰৰ ম্যাদত ৰেকাৰিং ডিপজিটত সুতৰ হাৰ ৬.৭ শতাংশলৈ বৃদ্ধি কৰা হৈছে ৷যিসকলে দীৰ্ঘ সময়ৰ বাবে ৰেকাৰিং কৰিছে তেওঁলোকৰ বাবে বেছি সুতত ডাঙৰ সুবিধা আহি আছে।
আনহাতে, ক্ষুদ্ৰ সঞ্চয় আঁচনিৰ সুতৰ হাৰ অপৰিৱৰ্তিত ৰখাৰ সিদ্ধান্ত লৈছে। ইয়াৰ ভিতৰত আছে জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনি ৷ জ্যেষ্ঠ নাগৰিক সঞ্চয়ৰ প্ৰমাণ পত্ৰৰ সুতৰ হাৰ ৮.২ শতাংশ।
এই আঁচনিখনত যিকোনো ব্যক্তিয়ে বিনিয়োগ কৰিব পাৰিব ৷PPF, কিষাণ বিকাশ পাত্ৰ আৰু সুকন্যা সমৃদ্ধি যোজনাৰ সুতৰ হাৰ অপৰিৱৰ্তিত হৈ আছে।তিনিমাহৰ মূৰে মূৰে চৰকাৰে সুতৰ সিদ্ধান্ত লয়।
ডাকঘৰৰ ৰেকাৰিং ডিপজিটৰ সুতৰ হাৰ ৬.৭ শতাংশ, ডাকঘৰৰ মাহিলী আয় আঁচনি বা MISৰ সুতৰ হাৰ ৭.৪ শতাংশ। কিষাণ বিকাশ পত্ৰৰ ৭.৫ শতাংশ, PPFৰ সুতৰ হাৰ ৭.১ শতাংশ, সুকন্যা সমৃদ্ধি যোজনাৰ সুতৰ হাৰ ৮ শতাংশ। NPS বা ৰাষ্ট্ৰীয় সঞ্চয় প্ৰমাণপত্ৰৰ সুতৰ হাৰ ৭.৭ শতাংশ ৷জ্যেষ্ঠ নাগৰিক সঞ্চয়ৰ প্ৰমাণ পত্ৰৰ সুতৰ হাৰ ৮.২ শতাংশ। এই আঁচনিখনত যিকোনো ব্যক্তিয়ে বিনিয়োগ কৰিব পাৰিব ৷