৩টা মিছ কল আৰু তাৰ পাছত বেংক একাউণ্টৰ পৰা অন্তৰ্ধান লাখ লাখ টকা!


সমগ্ৰ দেশতে চাইবাৰ প্ৰৱঞ্চনাৰ ঘটনা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে। অনলাইন ঠগ-প্ৰৱঞ্চনাৰ ঘটনা প্ৰতিদিনে সংঘটিত হৈ আহিছে। শেহতীয়াকৈ দিল্লী উচ্চ ন্যায়ালয়ত অনুশীলন কৰি থকা এগৰাকী মহিলা অধিবক্তা এইবাৰ চাইবাৰ ক্ৰাইমৰ ভুক্তভোগী হৈছে।

, মহিলা অধিবক্তাগৰাকীয়ে কোনো ধৰণৰ ফোনকল প্ৰাপ্ত কৰা নাছিল বা অ’টিপি শ্বেয়াৰ কৰা নাছিল। কিন্তু তথাপিও তেওঁৰ একাউণ্টৰ পৰা দুষ্ট চক্ৰই লাখ লাখ টকা লুটি নিয়ে। ভুক্তভোগী মহিলাই নিজৰ ফোনত মাত্ৰ তিনিবাৰ মিছড কল (Missed Calls) পাইছিল আৰু হেকাৰে তেওঁৰ বেংকৰ একাউণ্টৰ পৰা লক্ষাধিক ধন প্ৰৱঞ্চনাৰে সৰকাই নিছিল। প্ৰকৃততে এই গোটেই ঘটনাটো চিম অদল-বদলৰ (sim swap scam) সৈতে সম্পৰ্কিত। অৱশ্যে, এইটোৱেই এনেধৰণৰ প্ৰথম ঘটনা নহয়। ইয়াৰ পূৰ্বেও sim swapৰ বহুতো ঘটনা সংঘটিত ঘটিছে।

দিল্লী আৰক্ষীৰ চাইবাৰ চেলে কয় যে অধিবক্তাগৰাকীয়ে দুষ্ট চক্ৰৰ কোনো ফোন কলৰ উত্তৰ দিয়া নাছিল বা কোনো ব্যক্তিগত বিৱৰণ বা অ’টিপি শ্বেয়াৰ কৰা নাছিল, কিন্তু হেকাৰে বেংকিং বিৱৰণসহ তেওঁৰ সকলো ব্যক্তিগত তথ্য আহৰণ কৰিবলৈ সক্ষম হৈছিল আৰু তেওঁৰ ধন সৰকাই নিছিল।

Comments (0)
Add Comment