“
৫খন ৰাজ্যত চৰকাৰ গঠন
কৰিব কংগ্ৰেছে । আমি নিশ্চিত যে সকলোকেইখন ৰাজ্যতে আমি জয়লাভ কৰিম । দেশত
মুদ্ৰাস্ফীতি আৰু নিবনুৱা সমস্যাৰ বাবে বিজেপিৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধী ঢৌ আছে
। বিজেপিয়ে যি প্ৰতিশ্ৰুতি দিছিল সেয়া এটাও পূৰণ হোৱা নাই । নিবনুৱা সমস্যা
সমাধান,
কৃষকৰ
উপাৰ্জন দুগুণ কৰা প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰিলে বিজেপিয়ে “
,
বুধবাৰে কংগ্ৰেছ
সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে কয় যে দেশৰ সবাতোকৈ পুৰণি দলটোৱে এইবাৰ পাঁচখন
ৰাজ্যতে চৰকাৰ গঠন কৰিব । বিজেপিশাসিত মধ্যপ্ৰদেশত প্ৰতিষ্ঠানবিৰোধী ঢৌ আছে ।
কালাবুৰ্গীত এএনআইৰ সৈতে বাৰ্তালাপত খাৰ্গেয়ে কয় যে ছত্তীশগড় আৰু ৰাজস্থানৰ
কংগ্ৰেছে সঠিকভাৱে কাম কৰি আছে আৰু তাৰ জনসাধাৰণে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হোৱা
নাই(Assembly Elections 2023)
।
নৱেম্বৰ মাহত
তেলেংগানা,
মধ্যপ্ৰদেশ,
ৰাজস্থান,
ছত্তীশগড় আৰু মিজোৰামত বিধানসভা
নিৰ্বাচন অনুষ্ঠিত হ’
ব
। ৭ নৱেম্বৰত মিজোৰাম আৰু ছত্তীশগড়,
৭ আৰু ১৭ নৱেম্বৰত মধ্যপ্ৰদেশ,
২৫ নৱেম্বৰত ৰাজস্থান আৰু ৩০ নৱেম্বৰত
তেলেংগানাত নিৰ্বাচন অনুষ্ঠিত হ’
ব
। আনহাতে,
ৰাজ্যকেইখনত
ভোটগণনা ৩ ডিচেম্বৰত অনুষ্ঠিত হ’
ব
।”
সমাগত নিৰ্বাচনৰ বাবে
পাঁচখন ৰাজ্যতে নিৰ্বাচনৰ বাবে কংগ্ৰেছে ব্যাপক প্ৰস্তুতি চলাই আছে । আমি নিশ্চিত
যে সকলোকেইখন ৰাজ্যতে আমি জয়লাভ কৰিম । বিজেপিৰ বিৰুদ্ধে প্ৰতিষ্ঠানবিৰোধী ঢৌ আছে
।”
তেওঁ লগতে কয় যে
মধ্যপ্ৰদেশৰ জনসাধাৰণে শিৱৰাজ সিং চৌহান নেতৃত্বাধীন বিজেপি চৰকাৰৰ বিৰুদ্ধে
অৱস্থান গ্ৰহণ কৰিছে । আনহাতে,
কংগ্ৰেছৰ
মুৰব্বীগৰাকীয়ে কেন্দ্ৰ শাসনাধিষ্ঠিত বিজেপিৰ ওপৰত অভিযোগ উত্থাপন কৰি কয় যে
দলটোৱে কোনো নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰা নাই(‘Congress will form govt
in all 5 states’ says Congress President Mallikarjun Kharge)
।