লোকসভাৰ আসনৰ ভাগ–বটোৱাৰাক লৈ মহানগৰীৰ হোটেল লিলিত বিৰোধী ঐক্য মঞ্চৰ গুৰুত্বপূৰ্ণ বৈঠক৷ ১৩ ৰাজনৈতিক দলৰ উপস্থিতিত বৈঠক হোটেল লিলিত৷ পূৰ্বে ১২টা ৰাজনৈতিক দল থকা বিৰোধী ঐক্য মঞ্চত বৃহস্পতিবাৰৰ বৈঠকত সংযোগ হ’ল আন এক নতুন ৰাজনৈতিক দল৷ নতুনকৈ যোগ হোৱা দলটো All India Forward Bloc চমুকৈ AIFB৷
দিনৰ ২ বজাৰ পৰা অনুষ্ঠিত হৈছে এই বৈঠক৷ বৈঠকত কোনে কিমান আসনত প্ৰতিদ্বন্দ্বিতা কৰিব, তাৰ তালিকা হাতে হাতে আনিলেও প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ স্পষ্ট মন্তব্য, কোন দলৰ কিমান ওজন সেয়া জুখি ল’ব লাগিব ৷ দলৰ ওজনৰ ওপৰত নিৰ্ভৰ কৰিব আসনৰ সংখ্যা৷ যদিওৱা প্ৰতিটো ৰাজনৈতিক দলে আসন বিচৰাটো তেওঁলোকৰ ন্যায্য দাবী, তথাপি কিন্তু আসন প্ৰদানৰ ক্ষেত্ৰত দলৰ ওজন নিৰ্ভৰ কৰিব৷ আসনৰ সংখ্যা উমৈহতীয়া মঞ্চই সিদ্ধান্ত গ্ৰহণ কৰিব বুলি মন্তব্য ভূপেন বৰাৰ৷
ইপিনে, আসনক লৈ CPIMৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ দাবী, ‘‘আমাক বৰপেটা লোকসভা সমষ্টি লাগিব৷ বৰপেটাত আমাৰ জনভিত্তি আছে৷ পূৰ্বে বৰপেটাৰ পৰা আমাৰ প্ৰাৰ্থী জয়ী হৈছে৷’’ সেয়ে বৰপেটা সমষ্টিৰ দাবী CPIMৰ৷ অৱশ্যে কোনো কাৰণত যদি আমি আসন এৰি লাগে তাৰ বাবে সাজু বুলি মন্তব্য মনোৰঞ্জন তালুকদাৰৰ৷
ইপিনে ৫খন আসনৰ দাবীত আপ আৰু তৃণমূল কংগ্ৰেছ৷ দুই দলক লাগিব ৫খনকৈ আসন৷ অৱশ্যে আপ, তৃণমূল, CPIMৰ বিপৰীতে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে আসন কেন্দ্ৰীক কথাৰ পৰা আঁতৰত থাকিল৷ বিপৰীতে উমৈহতীয়া মঞ্চৰ সৈতে একেলগে থাকি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা আৰু বিৰোধীক আগবঢ়াই নিয়াৰ পৰামৰ্শ দুই ৰাজনৈতিক দলৰ৷ ২ বজাৰ পৰা আৰম্ভ হোৱা এই বৈঠক সম্ভৱত ৬ বজা পৰ্যন্ত চলিব ৷ বৈঠকৰ অন্ততহে সামগ্ৰিক সিদ্ধান্ত আগবঢ়াব বিৰোধী ঐক্য মঞ্চই৷