বক্ৰপথেৰে APSCৰ চাকৰি লোৱা একাংশ ৰাজপত্ৰিত বিষয়াৰ বিৰুদ্ধে বাজিছে বিপদ ঘণ্টা, সৰব SIT

পুনৰ বিপদ ঘণ্টা বাজিছে বক্ৰপথেৰে APSCৰ চাকৰি লোৱা একাংশ ৰাজপত্ৰিত বিষয়াৰ বিৰুদ্ধে। APSC কেলেংকাৰীৰ ক’লা দস্তাবেজ খান্দিবলৈ আৰম্ভ কৰিছে SITয়ে। নতুন ক্লু লাভ কৰাৰ পিছতেই বৃদ্ধি পাইছে SITৰ তৎপৰতা। উত্তৰ বহী পুনৰীক্ষণৰ অনুমতি বিচাৰি ইতিমধ্যে আদালতৰ কাষ চাপিল SITৰ ডেপুটী চীফ IPS প্রতীক ভি থুবে। IPS প্রতীক ভি থুবেৰ আৰ্জিত অনুমতি প্রদান মহানগৰীৰ বিশেষ ন্যায়াধীশৰ আদালতৰ।

ইতিমধ্য, ৰাজ্যৰ কেবিনেটে গঠন কৰি দিছে ৬ জনীয়া SIT। চলিত বৰ্ষৰ জুলাইত CIDৰ ADGP তথা জ্যেষ্ঠ IPS বিষয়া মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত গঠন কৰা হৈছিল এই SIT। পুনৰ ২৪১জন ৰাজপত্ৰিত বিষয়াৰ উত্তৰ বহী পুনৰীক্ষণৰ বাবে সাজু হৈছে SIT। উত্তৰ বহীত লাভ কৰা নম্বৰ আৰু টেবুলেচনৰ নম্বৰ পৰীক্ষা কৰিব SIT দলটোৱে।

APSC ২০১৩-১৪ বৰ্ষৰ ৩৯ গৰাকীকৈ ACS-APS বিষয়া ইতিমধ্য পৰিছিল তদন্তকাৰী আৰক্ষীৰ জালত। আন ৩৪ গৰাকীকৈ ৰাজপত্ৰিত বিষয়াৰ বিৰুদ্ধে ইতিমধ্যে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগে প্ৰস্তুত কৰিছিল চাৰ্জশ্বীট।

চলিত ১২ অক্টোবৰত বিপ্লৱ শৰ্মা আয়োগে চৰকাৰক প্ৰেৰণ কৰিছিল নিজৰ অন্তিমখন প্ৰতিবেদন। যদিও পুজাৰ পিছতেই প্ৰতিবেদন গ্ৰহণৰ সম্ভাৱনা প্ৰকট হৈছিল কিন্তু এতিয়াও আনুষ্ঠানিকভাৱে চৰকাৰে গ্ৰহণ কৰা নাই এই প্ৰতিবেদন। ইফালে কেবিনেটত গঠিত এই SITয়েও চলিত ডিচেম্বৰৰ ভিতৰত প্ৰদান কৰিব লাগিব চূড়ান্ত প্ৰতিবেদন। গতিকে এই ২৪১ গৰাকী ৰাজপত্ৰিত বিষয়াৰ ভিতৰত আন ১৬৮জন ACS-APS বিষয়াৰো ওলাব নেকি বিসংগতিপূৰ্ণ ভয়ংকৰ তথ্য সেয়া হ’ব লক্ষণীয়।

Best news portal in Assamenews ne assamenewsne assam
Comments (0)
Add Comment