সুদীৰ্ঘ ৪৪ বছৰীয়া সংগ্ৰামী ইতিহাসৰ অৱসানৰ দিশে আগবাঢ়িছে সংযুক্ত মুক্তি বাহিনী অসম (আলফা)ৰ বহু শীৰ্ষ নেতা। যোৱা ২৫ অক্টোবৰত কাজিৰঙাত অন্তিমখন বৈঠকৰ ৫ দিন পিছতে আজি হঠাৎ ৰাজীৱ ভৱনত দেখা গ’ল আলোচনাপন্থী আলফাৰ নেতা তথা সভাপতি অৰবিন্দ ৰাজখোৱাক। ৰাজীৱ ভৱনত ভৰি দিয়া অৰবিন্দ ৰাজখোৱাক লৈ শেহতীয়াকৈ চলিছে তুমুল চৰ্চা। প্ৰশ্ন উঠিছে “কংগ্ৰেছত যোগদান কৰিব নেকি অৰবিন্দ ৰাজখোৱাই!”
অসম প্ৰদেশ কংগ্ৰেছত যোগদান কৰাৰ চৰ্চা অব্যাহত আছে আলোচনাপন্থী আলফা নেতা অৰবিন্দ ৰাজখোৱাৰ। তাৰমাজতে সোমবাৰে ৰাজীৱ ভৱনত অৰবিন্দ ৰাজখোৱাৰ উপস্থিতিয়ে স্বাভাৱিকতে চৰ্চা লাভ কৰিছে। অৰবিন্দ ৰাজখোৱাক সাক্ষাৎ কৰিলে সভাপতি ভূপেন বৰাই। কংগ্ৰেছত যোগদান সম্পৰ্কত চলি থকা কথা নস্যাৎ কৰি আলোচনাপন্থী আলফা নেতাজনে ক’লে, “৪০ বছৰে জাতীয়তাবাদ কৰিছোঁ আগলৈও কৰি যাম।”
লগতে প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীৰ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ বাবে ৰাজীৱ ভৱনলৈ অহা বুলি মন্তব্য কৰে আলোচনাপন্থী আলফাৰ সভাপতিজনে। কিন্ত আলফা আৰু চৰকাৰৰ মাজত আলোচনা বিষয়টোৰ সম্পৰ্কত কোনো মন্তব্য নকৰিলে ৰাজখোৱাই। ৰাজীৱ ভৱনত আহি সভাপতি ভূপেন বৰাক সাক্ষাৎ কৰা বিষয়টোয়ে প্ৰকৃততে কি ইংগিত বহন কৰিছে সেইয়া পিছলৈ লক্ষ্যণীয় হব। কিন্ত এটা কথা নিশ্চিত যে অৰবিন্দ ৰাজখোৱা ৰাজীৱ ভৱনলৈ অহাৰ বিষয়টো এতিয়া সৰ্বত্ৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।