পুনৰ আত্মসমৰ্পন আন এক আলফা (স্বা) সদস্যৰ। নাহৰকটিয়াৰ জয়পুৰ সেনাছাউনীত আত্মসমৰ্পণ কৰে মানৱ চেতিয়া উৰফে সুৰজ অসম নামৰ যুৱক জনে। যুৱক জনৰ ঘৰ শিৱসাগৰৰ দিচাংমুখত বুলি জানিব পৰা গৈছে।
২০২১ চনত আলফা স্বাধীনত যোগদান কৰিছিল মানৱ সেতিয়াই, আৰু ইতিমধ্যই আৰক্ষীয়ে এটা হেণ্ড গ্ৰনেড উদ্ধাৰ কৰে মানৱ চেতিয়াৰ পৰা।
বিগত সময়চোৱাত কেইবাগৰাকীও আলফা স্বাধীনৰ সদস্যই আত্মসমৰ্পন কৰা বুলি জানিব পৰা গৈছে।
কেইদিনমান পূৰ্বে পোহৰলৈ অহা এক ঘটনা অনুসৰি দুই সদস্য শিবিৰৰ পৰা পলায়ন কৰাৰ সময়ত মৃত্যুদণ্ড দিছিল সংগঠনটোৱে।
মৃত্যুদণ্ডৰ বলি হোৱা এজন সদস্যৰ পৰিয়ালৰ ভাষ্য অনুসৰি খাদ্য সংকটকে ধৰি বিভিন্ন সমস্যাৰ বাবে কেডাৰ সমূহে শিবিৰৰ পৰা পলায়ন কৰে।