মুকলি হোৱাৰ দিশে জম্মুৰ প্ৰথমখন কেবলেৰে নিৰ্মিত ৰে’ল দলং

মুকলিৰ বাবে হ’বলৈ সাজু হৈছে জম্মুৰ প্ৰথমখন কেবলেৰে নিৰ্মিত ৰে’ল দলং। ভূস্বৰ্গ হিচাপে খ্যাত কাশ্মীৰৰ অপৰূপ সৌন্দৰ্যৰ মাজত নিৰ্মাণ কৰা হৈছে এই বিশেষ ৰে’ল দলংখন।

কাশ্মীৰৰ ৰিয়াছি জিলাৰ অঞ্জি নদীৰ ওপৰত নিৰ্মাণ কৰি থকা হৈছে এই ৰে’ল দলংখন। দলং খনৰ নাম দিয়া হৈছে অঞ্জি খাদ সেতু। এই দলং খনৰ দৈৰ্ঘ্য ৭২৫ মিটাৰ । এই অঞ্জি খাদ সেতুৱে ৰিয়াছি আৰু কাটৰা চহৰক ৰে’ল পথৰ জৰিয়তে সংযুক্ত কৰিব।

৩৩১ মিটাৰ উচ্চতাত নিৰ্মাণ কৰা এই ৰে’ল দলংখনৰ মাজত আছে এটা ওখ খুঁটা। সেই খুঁটাক কেন্দ্ৰ কৰি দলংখনৰ চাৰিও দিশে অনেক তাঁৰ বেৰি আছে। দলংখন দেখাত ঠিক কলকাতাৰ হুগলি দলংখনৰ দৰেই।

এই দলংখনৰ বিশেষত্ব হ’ল ইয়াৰ বহন আৰু সহন ক্ষমতা। দলংখনৰ নিৰ্মাণৰ দায়িত্বত থকা হিন্দুস্তান কনষ্ট্ৰাকচন কোম্পানীয়ে দাবী কৰা অনুসৰি বিস্ফোৰণ কিম্বা ধুমুহা, ভূমিকম্পয়ো এই দলংখনৰ কোনো ক্ষতি কৰিব নোৱাৰে। তেনেকৈয়ে নিৰ্মাণ কৰা হৈছে দলংখন।

দেশৰ প্ৰথমখন তাঁৰৰ দ্বাৰা নিৰ্মিত ৰে’ল দলং হিচাপে চিহ্নীত হোৱা এই দলংখনৰ নিৰ্মাণ কাৰ্য প্ৰায় শেষ হোৱাৰ দিশে।এতিয়া বাকী কেৱল কিছু সৰু সৰু কাম বাকী। সেয়াও খুব সোনকালেই সম্পূৰ্ণ হৈ উঠিব। তাৰ পাছত ৰে’ল বিভাগৰ সেউজ সংকেত পালেই তাঁৰেৰে নিৰ্মিত এই ৰে’ল দলংখনৰ ওপৰেদে চলিব ৰে’ল।

কাশ্মীৰৰ দৰে অতি স্পৰ্শকাতৰ অঞ্চলত নিৰ্মাণ কৰা এই দলংখন মুকলি হোৱালৈ এতিয়া সকলোৱে অপেক্ষা কৰিছে। এই দলংখনৰ মুকলিয়ে কাশ্মীৰৰ যোগাযোগ, পৰিবহণ, পৰ্যটন, সুৰক্ষা আদি সকলো দিশলৈ যে যুগান্তকাৰী পৰিৱৰ্তন আনিব সেয়া নিশ্চিত

Comments (0)
Add Comment