অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি চ’ৰাইদেউ জিলাৰ সোণাৰীত অনুসূচীত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী সঞ্চালকালয়ৰ দ্বাৰা সংমোদিত অনুদানেৰে নিৰ্মিত ড° বি. আৰ. আম্বেদকাৰ ভৱনটি উদ্বোধন কৰে ।
দেশৰ সংবিধান প্ৰণেতা তথা আধুনিক ভাৰতৰ অন্যতম নিৰ্মাতা আৰু আজীৱন এখন বৈষম্যহীন সমাজৰ বাবে কাম কৰা ড° ভীমৰাও ৰামজী আম্বেদকাৰ দেৱৰ আবক্ষ মূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মন্ত্ৰীগৰাকীয়ে আজি চৰাইদেউ জিলাৰ এই ভৱনটি ৰাইজৰ প্ৰতি উছৰ্গা কৰে।