গোন্ধে আমোলমোলাই থকা জহা চাউলৰ ভাত আপোনাৰ নিশ্চয় প্ৰিয়৷ যদিহে প্ৰিয় নহয় অথবা খোৱাৰ অভ্যাস নাই, তেন্তে এতিয়াৰে পৰা অভ্যাস কৰক৷ কিয়নো শেহতীয়া এক গৱেষণাত প্ৰকাশ পোৱা তথ্য অনুসৰি, জহা চাউলৰ আছে বহুমূত্ৰ ৰোগ প্ৰতিৰোধৰ লগতে শৰীৰৰ ৰক্তচাপ নিয়ন্ত্ৰণৰ ক্ষমতা৷
বিশেষকৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলত উপলব্ধ প্ৰাকৃতিক সুগন্ধিযুক্ত জহা ধান তথা জহা চাউলৰ সন্দৰ্ভত এক গৱেষণা কৰিছিল ইনষ্টিটিউট অব্ এডভাঞ্চ ষ্টাডি ইন চায়েঞ্চ এণ্ড টেকনলজীয়ে৷ ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ অন্তৰ্গত স্বায়ত্ত্বশাসিত প্ৰতিষ্ঠানটোত অনুষ্ঠিত গৱেষণাৰ অন্তত বিজ্ঞানীসকল এটা সিদ্ধান্তত উপনীত হয় যে জহা চাউলত আছে দুই প্ৰকাৰৰ অসংপৃক্ত ফেটি এচিড৷
সেয়া হৈছে- লিনোলিক এচিড (omega-6) আৰু লিনোলেনিক এচিড (omega-3)। যি দুবিধ অসংপৃক্ত ফেটি এচিডে বিভিন্ন শাৰীৰিক স্থিতি বজাই ৰখাত সহায় কৰে৷ তদুপৰি গৱেষকসকলে এইটোও জানিব পাৰিছিল যে অ-সুগন্ধিযুক্ত চাউলৰ তুলনাত সুগন্ধিযুক্ত জহা চাউলত উপলব্ধ অমেগা-৬ আৰু অমেগা-৩ৰ অধিক সন্তুলিত অনুপাত আছে৷
লগতে এই জহা চাউল ব্যৱহাৰ কৰি ৰাইচ ব্ৰাণ্ড তেলো তৈয়াৰ কৰিছে, যি তেল ব্যৱহাৰ কৰিলে বহুমূত্ৰ ৰোগ প্ৰতিৰোধত সহায়ক হ’ব বুলি দাবী কৰিছে গৱেষকসকলে। উল্লেখ্যে, এই সমগ্ৰ গৱেষণাটোৰ সন্দৰ্ভত ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰণালয়ে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে জানিবলৈ দিছে৷