বান-ধুমুহাই নহয়, ২০২৪ত আহি আছে তাতোকৈ ডাঙৰ বিপদ! ভৱিষ্যদ্বাণী বাবা ভাংগাৰ

বাবা ভাংগাৰ ভৱিষ্যতবাণীৰ বিষয়ে আপুনি শুনিছেনে? কোৱা হয়, বাবা ভাংগাই ৫০৭৯ বছৰ পৰ্যন্ত ভৱিষ্যদ্বাণী কৰিছিল।বাবা ভাংগাই ২০২৪ সম্পৰ্কেও বহু ভৱিষ্যদ্বাণী কৰিছে।আগন্তুক বছৰটোৰ বাবে কেতবোৰ ভয়ংকৰ ভৱিষ্যদ্বাণী কৰিছে তেওঁ।বাবা ভাংগাই ১৯১১ চনত জন্মগ্ৰহণ কৰিছিল আৰু ১২ বছৰ বয়সত তেওঁ এক প্ৰাকৃতিক দুৰ্যোগত দৃষ্টিশক্তি হেৰুৱায়। ১৯৯৬ চনত ৮৪ বছৰ বয়সত মৃত্যু হয় তেওঁৰ।

আগন্তুক বছৰৰ বাবে বাবা ভাংগাৰ আটাইতকৈ ভয়ংকৰ ভৱিষ্যদ্বাণী হ’ল ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক হত্যাৰ চেষ্টা। বাবা ভাংগাৰ মতে, ৰাছিয়াৰ ৰাষ্ট্ৰপতিক তেওঁৰ নিজৰ দেশৰ কোনোৱে হত্যাৰ চেষ্টা কৰিব।

ইয়াৰ বাহিৰেও বাবা ভাংগাই কৈছিল যে ২০২৪ চনত এখন ডাঙৰ দেশে জৈৱিক অস্ত্ৰ বা আক্ৰমণ পৰীক্ষা কৰিব। ইয়াৰ লগতে তেওঁ আগন্তুক ২০২৪ চনত ইউৰোপত ডাঙৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পূৰ্বাভাস দিছে।

ইয়াৰ উপৰি, তেওঁ ২০২৪ চনত বিশ্বজুৰি অৰ্থনৈতিক সংকট, জলবায়ু সংকট বাঢ়িব পাৰে বুলি মন্তব্য কৰে। 

লগতে ২০২৪ত শীতপ্ৰধান অঞ্চলসমূহত বৰফৰ ভাঙন আৰু উপকূলীয় অঞ্চলসমূহত জলস্তৰ বৃদ্ধিৰ বিষয়ে ভৱিষ্যদ্বাণী কৰিছে বাবা ভাংগাই।

Comments (0)
Add Comment