ক্ৰিকেট কেৰিয়াৰত এগৰাকী চৰ্চিত বেটচমেন হাৰ্ডিক পাণ্ডিয়া।অলৰাউণ্ডাৰ হিচাপে প্ৰতিখন মেচতে বিৰোধীক দমন কৰি নিজৰ পাৰদৰ্শিতা প্ৰমাণ কৰিছে পাণ্ডিয়াই।শেহতীয়াকৈ IPLত হাৰ্দিক পাণ্ডিয়াৰ দৰমহাক লৈ আৰম্ভ হৈছে চৰ্চা। মাত্ৰ ১০ লাখ টকাৰ বিনিময়ত IPLত কেৰিয়াৰ আৰম্ভ কৰা অলৰাউণ্ডাৰ পাণ্ডিয়াক এইবাৰ ১৬ কোটি টকা আগবঢ়াই মুম্বাই ইণ্ডিয়ানছৰ দললৈ ঘূৰাই অনা হৈছে। মাত্ৰ ৮ টা বছৰত হাৰ্দিকৰ দৰমহা ১৫০ গুণ বৃদ্ধি হৈছে।
IPL ২০১৫, মুম্বাই ইণ্ডিয়ানছ: ২০১৫ চনত মুম্বাইস্থিত ফ্ৰেঞ্চাইজিৰ সৈতে আই পি এলত অভিষেক ঘটা হাৰ্দিক পাণ্ডিয়াই। অভিষেক ছিজনত হাৰ্দিকৰ চুক্তি আছিল ১০ লাখ টকা।IPL ২০১৬আৰু IPL ২০১৭ মুম্বাই ইণ্ডিয়ানছ: IPLৰ এই দুটা ছিজনত হাৰ্দিকৰ IPLৰ বছৰৰ উপাৰ্জন অপৰিৱৰ্তিত হৈ আছে। এই দুটা ছিজনত হাৰ্দিকে ১০ লাখ টকা উপাৰ্জন কৰিছিল।
২০২২ চনত হাৰ্দিকৰ কেৰিয়াৰৰ ডাঙৰ টাৰ্নিং পইণ্ট আছিল। তেওঁ গুজৰাট টাইটানছৰ অধিনায়ক হিচাপে দায়িত্ব লৈ মুম্বাই ইণ্ডিয়ানছ দল ত্যাগ কৰিছিল। গুজৰাট টাইটানছ তেওঁৰ দৰমহা এবাৰতে ৪ কোটি টকা বৃদ্ধি পালে। হাৰ্দিক পাণ্ডিয়াক ১৫ কোটি টকা প্ৰদান কৰা হয়। IPL ২০২৩- গুজৰাট টাইটানছে নিজৰ প্ৰথম ছিজনত IPL চেম্পিয়ন হয়।
দুবছৰৰ অন্তত হাৰ্দিকে পুৰণি দল মুম্বাই ইণ্ডিয়ানছলৈ উভতি আহিল। মুম্বাইয়ে নগদ ধনৰ চুক্তিত গুজৰাটৰ হাৰ্দিকক ব্যৱসায় কৰিলে। এতিয়া ৩০ বছৰীয়া ক্ৰিকেটাৰগৰাকীয়ে ৩০ বছৰীয়া ক্ৰিকেটাৰগৰাকীয়ে এম আই ফ্ৰেঞ্চাইজিৰ পৰা ১৫ কোটি টকা আনিব।