iND vs SA তৃতীয় খন t-২০ মেচ: come back কৰিব পাৰিবনে টিম ইণ্ডিয়াই

দক্ষিণ আফ্ৰিকাত t-২০ শৃংখলাৰ দ্বিতীয় খন মেচত পৰাজিত হৈ আজি তৃতীয়খন t-২০ মেচ খেলিবলৈ সাজু হৈছে টিম ইণ্ডিয়া।আজি দক্ষিণ আফ্ৰিকাৰ ৱাণ্ডাৰৰ্ছ ষ্টেডিয়ামত অনুষ্ঠত হব এই তৃতীয় খন t-২০ মেচ। ভাৰতীয় সময় মতে সন্ধিয়া ৮-৩০ মিনিটত আৰম্ভ হব খেল খন।

ৱাণ্ডাৰৰ্ছৰ পিচখন বেটিঙৰ বাবে জনাজাত। অৱশ্যে, মেঘাচ্ছন্ন পৰিস্থিতিয়ে দ্ৰুত বলাৰসকলক সহায় কৰাৰ সম্ভাৱনা আছে। যদি বেটছমেনসকলে পৰিস্থিতিবোৰ বুজিবলৈ অলপ সময় লয়, তেন্তে এটা ডাঙৰ স্ক’ৰ কৰিব পাৰে।

দক্ষিণ আফ্ৰিকাত আজিও বৰষুণৰ সম্ভাৱনা আছে বৰষুণৰ বাবে সাম্ভাব্য ব্যাঘাত ঘটিব পাৰে মেচ খনত। যদিও গোটেই দিনটো বৰষুণ হোৱাৰ কোনো সম্ভাৱনা নাই, কিন্তু নিশা 9-11 বজাৰ ভিতৰত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। Weather.com মতে, খেলখনৰ সময়ত তাপমাত্ৰা প্ৰায় 20-23 ডিগ্ৰী হ’ব, আৰু আৰ্দ্ৰতা 87% অধিক হ’ব।

ভাৰতৰ সম্ভাব্য playing 11: সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), যশস্বি জয়ছোৱাল, শুভমান গিল, শ্ৰেয়াছ আয়াৰ, ৰিংকু সিং, জিতেশ শৰ্মা (উইকেটকিপাৰ), ৰবীন্দ্ৰ জাদেজা, দীপক চাহাৰ, ৰবি বিষ্ণোই, মহম্মদ চিৰাজ, অৰ্শদীপ সিং।

ভাৰত-দক্ষিণ আফ্ৰিকাৰ t-২০ শৃংখলাৰ প্ৰথমখন মেচ বৰষুণৰ বাবে স্থগিত কৰি দিয়া হয়, আৰু দ্বিতীয় খন মেচত ডাক ৱাৰ্থ লুইছ পদ্ধ্যতিৰ সহায়ত জয় লাভ কৰে দক্ষিন আফ্ৰিকাই। আজি তৃতীয় খন মেচত ভাৰতে come back কৰিব পাৰিবনে সেয়া লক্ষণীয় হব।

Comments (0)
Add Comment